Breaking

বৰপথাৰ আৰক্ষীৰ ন-ৰূপ , ৰ লাগি চালে শ শ জনতাই…

0 73

এইবাৰ আন এক ৰূপত বৰপথাৰ আৰক্ষী। মহাপুৰুষজনাৰ অনুপম সৃষ্টি অংকীয়া নাট ভাওনা আৰু ভকত সেৱাৰে বৰপথাৰ আৰক্ষীয়ে দেখুৱালে “জনহিত জনসেৱাৰ্থে”ৰ প্ৰকৃত নিৰ্দশন। শুক্ৰবাৰে ধনশিৰি মহকুমাৰ বৰপথাৰ আৰক্ষী থানাত দিনযোৰা কাৰ্যসূচীৰে সম্পন্ন হয় বছেৰেকীয়া নাম। নাম প্ৰসংগ আৰু ভাগৱত পাঠেৰে দিনৰ কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত ৰাতিলৈ “গান্ধাৰীৰ কৃষ্ণ দৰ্শন” নামৰ এখনি মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। এই নাটকত 24 ঘণ্টাই অঞ্চলটোত শান্তি শৃংখলাৰ দায়িত্ব পালন কৰি থকা বৰপথাৰ আৰক্ষীৰ বিষয়া তথা কৰ্মচাৰীয়ে অভিনয় কৰে।

মহাপুৰুষীয়া নাটকত অভিনয় কৰি দেখুৱাই দিলে খাকী পোছাক যোৰৰ মাজত লুকাই থকা তেওঁলোকৰ সাংস্কৃতিক মনটোক। বৰপথাৰ আৰক্ষীৰ সুন্দৰ অভিনয়ে বৰপথাৰৰ লগতে মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগণন লোকক ভাওনা খনৰ শেষলৈকে মোহিত কৰি ৰাখে।

Leave A Reply