Breaking

বৰপথাৰত জব্দ কেইবা লক্ষাধিক অবৈধ অৰুণাচলী সুৰা

0 84

ধনশিৰি

অসম চৰকাৰক কোটি কোটি টকাৰ ৰাজহ চুৰি কৰি  অবৈধভাৱে চলাই অৰুণাচলী সুৰা ব্যৱসায়ী চক্ৰটো যোৱা কিছু মাহ ধৰি স্তব্ধ হৈ পৰিছিল যদিও  উজনি অসমত পুনৰ সক্ৰিয় হৈ পৰিছে৷ বহু বছৰ ধৰি অবৈধ অৰুণাচলী সুৰা ব্যৱসায় চক্ৰটোৱে কাৰ্বি আংলং জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথেদি চলাই আছিল যদিও দল-সংগঠন তথা কিছু আৰক্ষী বিষয়াৰ সতৰ্কতাৰ বাবে এই ৰাষ্ট্ৰীয় ঘাই পথটোৱে নিবলৈ পৰা নাছিল৷ এই ব্যৱসায়ী চক্ৰটোৱে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সলনি যোৱা কিছু মাহৰ পৰা গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ, সৰুপথাৰ হৈ চূঙাজান হৈ নগালেণ্ডলৈ প্ৰেৰণ কৰি  এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল৷ যোৱা কিছু মাহৰ পূৰ্বে চূঙাজানত ৰাইজে তিনিখন কৈ অবৈধ  অৰুণাচলী সুৰা ৰাইজে জব্দ কৰি চূঙাজান আৰক্ষীক গটাই দিয়াৰ পিছত এই সুৰা ব্যৱসায়ীসকলে এই ব্যৱসায়টো কিছু সাম কটাইছিল যদিও পুনৰ সক্ৰিয় হৈ লকডাউনৰ আৰক্ষীৰ চকুত ধুলি দি এই অবৈধ সুৰাৰ ব্যৱসায় কৰিবলৈ উঠিপৰি লগা পৰিলক্ষিত হৈছে ৷ যোৱা ৭ মে’ৰ পুৱতি নিশা মেৰাপানীৰ পৰা গেলাবিল হৈ নগালেণ্ডলৈ গৈ থকা অৱস্হাত বৰপথাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৰপথাৰৰ গেলাবিলত এ এছ ১২ ই ৭৪৭১ নম্বৰৰ এখন ট্ৰাকত  অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰি অনা এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷  বৰপথাৰ আৰক্ষীয়ে জব্দ কৰিছে অৰুণাচলী সুৰাৰ এই ট্ৰাকখনত অতি কৌশলেৰে লুকুৱাই অনা হৈছিল কেইবালাখ টকাৰ অবৈধ অৰুণাচলী সুৰা৷ ব্যৱসায়ী চক্ৰটোৱে ট্ৰাকখনৰ বডীত নিৰ্মাণ কৰা হৈছিল গোপন চেম্বাৰ আৰু এই গোপন চেম্বাৰতে প্ৰায় ৭০ কাৰ্টন সুৰা কঢ়িয়াই আনিছিল৷ পুৱতি নিশা গোলাঘাট জিলাৰ মেৰাপানী হৈ ধনশিৰি মহকুমাত প্ৰৱেশ কৰিছিল সুৰাভৰ্তি ট্ৰাকখন৷ লকডাউনৰ মাজতো অবৈধ সুৰা সৰবৰাহৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে ধনশিৰি মহকুমাত৷ এই সুৰা সৰবৰাহত মেৰাপানীৰ জনৈক দাস উপাধিৰ এজন ব্যক্তি জড়িত থকাৰ অভিযোগ উঠি আহিছে যদিও গোলাঘাট জিলা আৰক্ষীয়ে আজিলৈকে এই অবৈধ সুৰা ব্যৱসায়ী চক্ৰটো উৎসাত কৰিবলৈ সমক্ষ হোৱা নাই৷ উল্লেখ্য যে এই অবৈধ সুৰা ব্যৱসায়ৰ বাবে যোৱা বৰ্ষত বোকাজান সিং উপাধিৰ এজন সুৰা ব্যৱসায়ী আৰু এই অবৈধ সুৰাৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ যোৱা   আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীসহ বহুকেইজনে দূৰ্বিত্তৰ হাতত প্ৰাণ হেৰুৱা ঘটনাটো সুৰাৰ ব্যৱসায়ী চক্ৰটো জড়িত আছে বুলি সন্দেহ কৰা হৈছে৷ ধনশিৰি মহকুমাত এই সুৰা ব্যৱসায়ী চক্ৰটোৱে কেনেকৈ আৰক্ষীৰ চকুত ধুলি দি পুনৰ অবাধে ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ই এক ৰহস্যৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে ধনশিৰি মহকুমা একাধিক সমাজ সংস্কাৰক, ৰাজনৈতিক দলৰ নেতা, পালি নেতাই কিছু দল-সংগঠন, আৰক্ষীক মেনেজ কৰি এই ব্যৱসায় চলাইছিল বুলি সচেতন ৰাইজে অভিযোগ কৰিছে৷ লগতে এই অবৈধ ব্যৱসায়টো বন্ধ কৰিবলৈ  ধনশিৰি মহকুমাৰ জাতীয় দল সংগঠনকো আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে স্হানীয় সচেতন ৰাইজে৷

Leave A Reply