লাহৰীঘাটত পত্নীক যৌতুকৰ বাবে কেৰাচিন ঢালি হত্যা কৰা স্বামী জিন্নত আলী ক জেললৈ প্ৰেৰণ

মৰিগাঁও  জিলাৰ লাহৰীঘাটত স্বামীয়ে  কেৰাচিন দি জ্বলাই হত্যা কৰিলে পত্নীক !যোৱা ২২ মে ত লাহৰীঘাট থানাৰ অন্তৰ্গত অমৰাগুৰিত জিন্নত আলীয়ে পত্নী জোনমনি বেগমৰ  শৰীৰত কেৰাচিন ঢালি জ্বলাই দিছিল !গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কালি মৃত্যু হয় !উল্লেখ্যৱ৮ মাহ পুৰ্বে টেঙাগুৰি গাৱঁৰ হবিবুৰৰ কন্যা জোনমনি বেগমক অমৰাগুৰি গাঁৱৰ জিন্নত আলীৰ লগত বিবাহ হৈছিল !পৰিয়ালৰ লেকৰ অভিযোগ তেতিয়াৰ পৰাই স্বামীয়ে জোনমনিক যৌতুক দাবী কৰি স্বামী অত্যাচাৰ কৰি আহিছে !অৱশেষত স্বামী আৰু পৰিয়ালৰ লোকে মিলি জোনমনিক হত্যা কৰে বুলি অভিযোগ তুলিছে ! ইতিমধ্যে জোনমনিৰ পৰিয়ালে লাহৰীঘাট থানাত এজাহাৰ দাখিল কৰিছিল ।আৰু সেই এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে পলাতক পত্নী হত্যা কাৰীক যোৱা নিশা গ্ৰেপ্তাৰ কৰি  ধৃত জিন্নত আলীৰ  বিৰূদ্ধে  case no – 300/21 us 489(a) /307 ,  304 (b) ধাৰাৰ  অধীনত আজি জেল হাজোতলৈ প্ৰেৰণ কৰে  ।

Related Articles