Breaking

খেলৰ মাজতে অনুষ্কা শৰ্মা অভিনীত গীতত স্বামী বিৰাট কোহলীৰ নৃত্য, ভিডিঅ’ ভাইৰেল…

0 79

জন্মদিন উপলক্ষে ৪৯ সংখ্যক শতক অৰ্জন কৰি অনুৰাগীক চমক দিলে বিৰাট কোহলীয়ে। এই সময়ছোৱাত কোহলিয়ে পত্নী অনুষ্কাৰ বাবেও দিলে বিশেষ কিবা এটা , যিটো বৰ্তমান যথেষ্ট ভাইৰেল। পত্নী অনুষ্কা শৰ্মাইও স্বামীৰ শতকক লৈ এটা পোষ্ট শ্বেয়াৰ কৰি সুখ প্ৰকাশ কৰে। বিৰাটে সদায় নিজৰ মেচত কিবা নহয় কিবা এটা কৰে যিটো ভাইৰেল হয়।

আচলতে খেলখনৰ সময়ত বিৰাট কোহলিয়ে পত্নী অনুষ্কা শৰ্মাৰ আইভাইন আইভাইন গীতত নাচি থকা দেখা গৈছিল, ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ আছে। কেৱল এয়াই নহয়, খেলৰ সময়ত বিৰাট কোহলীয়েও শ্বাহৰুখ খানৰ চিগনেচাৰ ষ্টেপও কৰিলে।

৫ নৱেম্বৰত বিৰাট কোহলীয়েও ৩৫ সংখ্যক জন্মদিনও পালন কৰিছিল। এই সময়ছোৱাত তেওঁ শতক অৰ্জন কৰা সপ্তমজন খেলুৱৈ হিচাপে পৰিগণিত হয়।


Leave A Reply