Breaking

“সাংবাদিকক মই ভয় নকৰো, সন্মান আৰু শ্ৰদ্ধাৰ কৰো”: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জীতেন হাজৰিকা।বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 1,565

সাংবাদিকক মই ভয় নকৰো,সন্মান আৰু শ্ৰদ্ধাৰ কৰো।কাৰণ মই কোনোদিনেই সমাজৰ অনিষ্ট হ’ব পৰা কোনো কামেই কৰা নাই গতিকে মই সাংবাদিকক কিয় ভয় কৰিম। সাংবাদিকে জ্ঞান, বোধ আৰু সতাৰে সমাজৰ উন্নয়নৰ বাবে অহৰ্নিশে যি কষ্ট কৰি আছে তাৰ বাবে সাংবাদিকসকল সদাই নমস্য। সেইবাবেই সাংবাদিকক মই সন্মান আৰু শ্ৰদ্ধাৰ কৰো।যি সকলে সমাজৰ উন্নয়নৰ কথা চিন্তা নকৰি নিজ স্বাৰ্থ পুৰণৰ বাবে চিন্তা কৰে সেই সকলেহে সাংবাদিকক ভয় কৰে বুলি গুৰুতৰ পূৰ্ণ মন্তব্য কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য ড৹ জীতেন হাজৰিকা।আজি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসত সম্বৰ্ধিত হৈ এই মন্তব্য কৰাৰ লগতে সাংবাদিকসকসকলক জ্ঞান, বোধ আৰু সততাৰে বাতৰি পৰিবেশন কৰিবলৈ আহ্বান জনাই ড৹ হাজৰিকাই।বৰ্তমান সাংবাদ ক্ষেত্ৰখনত এচাম ধুৰন্ধৰ ব্যক্তিয়ে নিজকে স্বয়ম্ভু সাংবাদিক সজাই প্ৰকৃত স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক চেকা লগাবলৈ লোৱাৰ কাৰ্যক কটুৰ ভাষাৰে গৰিহণাৰ দিয়ে।উক্ত অনুষ্ঠানত অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে কৰি অহা কৰ্ম আৰু কাৰ্যসূচীত ভূয়সী প্ৰশংসাৰ কৰে।বৰ্তমান ৰাজ্যখনত এচাম ইলেকট্ৰনিক পৰ্টেল মেডিয়াই সমাজখনক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা চলাই আহিছে বুলি কয়।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাখন উদ্বোধন কৰি সাংবাদিক তথা বিশিষ্ট চিকিৎসক ডাঃ নিৰ্মল কুমাৰ চাহেৱালাই কয়- বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে গত দিনবোৰত কৰা কামৰ খাতিয়ান ঘুৰি চাবলৈ কয়।অতীতত কৰি অহা ভাল কামবোৰ অধিক উৎসাহেৰে আগতকৈ ভাল দৰে কৰিবলৈ সংকল্প বদ্ধ হ’ব লাগে আৰু যিবোৰ কামত সফল নহ’ল সেইবোৰ কিয় বিফল হ’ল তাক বিশ্লেষণ কৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবক অনাগত দিনত সমাজ উন্নয়নৰ বাবে ল’ব লগা কিছুমান কাৰ্যসূচী বিষয় উল্লেখ কৰি উদ্বোধনী ভাষণ সামৰে। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয়-সাংবাদিকে কৰিব নোৱাৰা কাম একো নাই। সাংবাদিকে ইচ্ছা কৰিলে এজন ৰাজনৈতিক নেতাক বহু ওপৰলৈ লৈ যাব পাৰে আৰু এজন ৰাজনৈতিক নেতা সমাজ জীৱন একেবাৰে ধ্বংসও কৰিব পাৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিত বড়াই সঞ্চালনাত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসত আৰু ভালে কেইজন বিশিষ্ট ব্যক্তিৰে অংশ গ্ৰহণ কৰে।এই অনুষ্ঠানতে এইবাৰৰ পৰা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰবৰ্তন কৰা শিক্ষাবিদ,সমাজকৰ্মী অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা বঁটা ইলেকট্রনিক মাধ্যমৰ বাবে যুৱ সাংবাদিক মুক্তামণি হাজৰিকা আৰু ছপা মাধ্যমৰ বাবে জেষ্ঠ সাংবাদিক লক্ষীকান্ত মজিন্দাৰ বৰুৱাক প্ৰদান কৰে। অনুষ্ঠানত কেইবাটাও সাংস্কৃতিক দলে গীত-নৃত্য বাদ্য পৰিবেশন কৰিব উপস্থিত ৰাইজক আমোদ দিয়ে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত ক্লাবৰ পতাকা উত্তোলন কৰে ক্লাবৰ সভাপতি মনজিত বড়াই আৰু ছহিদ তৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে।মুকলি সভাৰ পূৰ্বে এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়।উক্ত বৈঠকত ভালেকেইটা সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply