Breaking

‘জনা নাছিলো যে জীৱনটো ইমান সলনি হ’ব’- জন্মদিনত পত্নী লিন লায়শ্ৰমৰ বাবে আন্তৰিকতাৰে টোকা লিখিলে ৰনদীপ হুডাই

0 95

অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰমে দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত যোৱা মাহত পৰম্পৰাগত মেইটেই অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।

১৯ ডিচেম্বৰত লিনে জন্মদিন উদযাপন কৰে। ৰনদীপে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত তাইৰ বাবে এটা সুন্দৰ টোকা লিখে আৰু তেওঁলোকৰ বিয়াৰ ৰিচেপচনৰ পৰা তেওঁলোকৰ এখন অপ্ৰকাশিত ছবি শ্বেয়াৰ কৰে।

ৰনদীপে লিনৰ জন্মদিনত তেওঁৰ শেহতীয়া পোষ্টটোৰ কেপচনত লিখিছে, “ভগৱানক ধন্যবাদ মই পলাই যাব লগা হোৱা নাই। ঘাইপথৰ পৰা এই বাটলৈকে আমি বহু দূৰ আগবাঢ়িছো। জন্মদিনৰ শুভেচ্ছা থাকিল মিচেছ, সঁচাই, তেতিয়া নাজানিছিলো যে জীৱনটো ইমান সলনি হ’ব আৰু সেইটোও ভালৰ দিশত। মই মাত্ৰ কৃতজ্ঞ তুমি মোৰ জীৱনত থকাৰ বাবে…”।

Leave A Reply