Breaking

‘বাস্তৱ জীৱনত বিক্ৰম আৰু ডিম্পলৰ বিয়া দেখিলোঁ’, বিশাল বাত্ৰাই সিদ্ধ-কিয়াৰাৰ বিয়াক লৈ ক’লে এই কথা…

0 57

কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা বিক্ৰম বাত্ৰাৰ ভাতৃ বিশাল বাত্ৰাই বলীউডৰ ছুপাৰষ্টাৰ সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বি-টাউনৰ এই বিখ্যাত দম্পতীহালৰ বিবাহৰ বিষয়ে অহৰহ চৰ্চা চলি আছে। কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা কেপ্তেইন বিক্ৰম বাত্ৰাৰ পৰিয়ালেও ছিদ-কিয়াৰাৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে এতিয়া বিক্ৰম বাত্ৰাৰ ভাতৃ বিশাল বাত্ৰাই সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

শেহতীয়াকৈ মুম্বাইত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়াৰ দ্বিতীয়টো বিবাহ অভ্যৰ্থনা অনুষ্ঠিত হয়। সিদ-কিয়াৰাৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠানত হিন্দী চিনেমাৰ সকলো চলচ্চিত্ৰ অভিনেতাৰ সমাগম হয়। এই সময়তে কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ বীৰ জোৱান কেপ্তেইন বিক্ৰম বাত্ৰাৰ ভাতৃ বিশাল বাত্ৰা পৰিয়ালৰ সৈতে সিদ-কিয়াৰাৰ বিবাহ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে। ইফালে এক সাক্ষাৎকাৰত বিশাল বাত্ৰাই সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশালে কৈছে যে- ‘ভাই বিক্ৰম বাত্ৰাৰ বিয়া মই দেখা নাপালোঁ।’

এনে পৰিস্থিতিত ছিদ আৰু কিয়াৰাৰ বিয়া দেখি মই অনুভৱ কৰিলোঁ যে বাস্তৱ জীৱনত মই বিক্ৰম আৰু ডিম্পল চিমাৰ বিবাহ দেখিছোঁ। এইদৰে বিশালে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিয়াক লৈ এই বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।‘শ্বেৰ শ্বাহ’ত বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰিছিল সিদ্ধাৰ্থই।‘শ্বেৰশ্বাহ’ ছবিখনত অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰাই বিশাল বাত্ৰাৰ শ্বহীদ ভাতৃ বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰিছে। আনহাতে অভিনেত্ৰী কিয়াৰা আদৱানীয়ে বিক্ৰমৰ বাস্তৱ জীৱনৰ প্ৰেমিকা ডিম্পল চিমাৰ চৰিত্ৰত অভিনয় কৰিছিল।

Leave A Reply