Breaking

মোক কাৰাগাৰত ইনচুলিন দিয়া হোৱা নাইঃ কেজৰিৱালৰ গুৰুতৰ অভিযোগ

0 21

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসুস্থতা আৰু ইনচুলিনৰ বিষয়ে আম আদমী পাৰ্টি আৰু বিজেপিৰ মাজত যথেষ্ট বাক্যবাণ নিক্ষেপৰ ঘটনা চলি আছে। ইফালে তিহাৰ কাৰাগাৰৰ ডিজি সঞ্জয় বেনিৱালে কেজৰিৱাল প্ৰসংগত কেতবোৰ বিশ্ষ কথা সদৰী কৰে। আপে কাৰাগাৰ প্ৰশাসনে কেজৰিৱালক ধীৰ গতিৰ বিহ প্ৰদান কৰিছে, তেওঁক ভাল খাদ্য দিয়া হোৱা নাই আদি কথাবোৰ কৈ আহিছে। ইয়াৰ উত্তৰত তেওঁ কয়, “যিকোনো লোকে অভিযোগ উত্থাপন কৰিব পাৰে, এই বিষয়টো এতিয়া আদালতৰ বিচাৰাধীন হৈ আছে, সেয়েহে এই সন্দৰ্ভত কোৱাটো ভাল কথা নহয়।”

আদালতে আপৰ আবেদনৰ ওপৰত যি সিদ্ধান্ত ল’ব সেয়া সকলোৰে বাবে গ্ৰহণযোগ্য হ’ব বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে তেওঁলোকে তেওঁলোকৰ পক্ষ উপস্থাপন কৰিছে, আমি আমাৰ পক্ষত আছো। শেহতীয়াকৈ মুখ্যমন্ত্ৰী কেজৰিৱালে তিহাৰ কাৰাগাৰ অধীক্ষকলৈ এখন পত্ৰ লিখিছে। এই পত্ৰখনত তেওঁ কাৰাগাৰ প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে তিহাৰ কাৰাগাৰ প্ৰশাসনে মিছা কৈ আ হিছে। তেওঁ ইনচুলিন লাভ কৰা নাই।ডিজিক প্ৰশ্ন কৰা হৈছিল যে তিহাৰত ২০ হাজাৰ বন্দী আছে, এনে পৰিস্থিতিত, সকলোৰে স্বাস্থ্য সুবিধাকলৈ প্ৰশ্ন উত্থাপিত হৈছে, তিহাৰ কাৰাগাৰ প্ৰশাসনক চিকিৎসা সুবিধা প্ৰদান কৰাৰ ক্ষমতা দিয়া হৈছে নে? ইয়াৰ প্ৰত্যুত্তৰত ডিজিয়ে কয় যে দিল্লী চৰকাৰে গৃহীত কৰা নিয়মৰ আধাৰত কাৰাগাৰ প্ৰশাসন চলে। সকলো বন্দী একে, নিয়মবোৰ সকলোৰে বাবে সেয়ে একে। আমাৰ ওচৰত ২০ হাজাৰ বন্দী আছে। সকলোৰে বিভিন্ন ৰোগ আছে। তিহাৰত প্ৰায় ৯০ জন বিশেষজ্ঞ চিকিৎসক আছে। জ্যেষ্ঠ চিকিৎসা বিষয়া আছে। সকলোৱে চিকিৎসা লাভ কৰি থকা বুলিও তেওঁ দাবী কৰে।

Leave A Reply