Breaking

শেষ হোৱা চেম্পুৰ বটলত পানী ঢালি ব্যৱহাৰ কৰোঃ আজিও মধ্যবিত্তীয় জীৱন যাপন কৰে অভিনেতা বিজয় দেৱেৰাকোণ্ডাই…

0 102

সফলতাৰ শিখৰত উপনীত হৈও ভৰি সদায় মাটিত থাকে বহুলোকৰ। আজিও এই দক্ষিণৰ অভিনেতাগৰাকীয়ে মধ্যবিত্তীয় জীৱন যাপন কৰাত বিশ্বাস কৰে। শেহতীয়াকৈ হায়দৰাবাদত এক অনুষ্ঠানত বিজয় দেৱেৰাকোণ্ডাই কয় যে জীৱন সলনি হৈছে। কিন্তু তেওঁ এতিয়াও মধ্যবিত্তীয় ল’ৰা। তেওঁৰ ভাষাত, “মোৰ এতিয়াও চেম্পুৰ বটলত পানী ঢালি ব্যৱহাৰ কৰাৰ অভ্যাস আছে।”

কেৱল সেয়াই নহয়, বিজয়ৰ জীৱনশৈলীত আন বহু দিশত মধ্যবিত্ত শ্ৰেণীৰ স্পষ্ট চিন আছে। ছবিৰ প্ৰিমিয়াৰ বা আন ডাঙৰ ডাঙৰ অনুষ্ঠানত তেওঁ কোনো সংকোচ নকৰাকৈ হাৱাই চেণ্ডেল পিন্ধে।দামী পোছাকো পৰিধান নকৰে বিজয়ে।


এই প্ৰসংগত এক সাক্ষাৎকাৰত বিজয়ে কয় যে তেওঁ যি কাপোৰ পিন্ধি আৰাম অনুভৱ কৰে, সেই কাপোৰ বাছি লয়। ‘লিগাৰ’ৰ প্ৰচাৰ কাৰ্যসূচী আছিল প্ৰায় ৩০ দিন। অভিনেতাগৰাকীৰ মতে, প্ৰতিদিনে বিভিন্ন কাপোৰ-কানি আৰু জোতা বাছনি কৰাত বহু সময় খৰচ হয়। গতিকে হাৱাইৰ চেণ্ডেল তেওঁৰ প্ৰথম পছন্দ।

কিছুদিন পূৰ্বে বিজয়ো বঁটা সন্দৰ্ভত শিৰোনামত আছিল। অভিনেতাগৰাকীয়ে লাভ কৰা বঁটাসমূহৰ প্ৰতি বিশেষ আগ্ৰহী নহয়। কেতিয়াবা নিলাম কৰা হয় আৰু কেতিয়াবা আনক দিয়া হয়! এই অভিনেতাজন এক আচৰিত ব্যক্তিত্বৰ ব্যক্তি।

Leave A Reply