Breaking

‘কৃত্ৰিম’ চীনা বিষয়াৰ মাজত নহয় ভাৰতৰ মুক্ত গণতন্ত্ৰত মৃত্যু হোৱাটো পছন্দ কৰিম” দালাই লামা

0 41

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই চীনক সেই দেশখনৰ ৰাজনৈতিক স্থিতিৰ বাবে চোকা সমালোচনা কৰে আৰু কয় যে তেওঁ চীনৰ দৰে এখন ‘কৃত্রিম’ দেশত মৃত্যুবৰণ কৰাতকৈ মুক্ত আৰু স্বাধীন গণতান্ত্রিক দেশ ভাৰততে মৃত্যুবৰণ কৰিবলৈ ভাল পাব। ধৰ্মশালাত ইউনাইটেড ষ্টেটছ ইনষ্টিটিউট অব্ পীচ’-এ (ইউ এছ আই পি) আয়োজন কৰা আৰু কালি সামৰণি পৰা এটা দুদিনীয়া অনুষ্ঠানত এদল ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰোঁতে তেওঁ এই কথা কয়।

তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক নেতাজনে ১৩খন দেশৰ ২৪গৰাকী যুৱ পীচবিস্তাৰৰ সৈতে আলোচনা আৰু মত বিনিময় কৰিছিল।তেওঁ কেনেকৈ আৰু কিয় তিব্বতৰ পৰা পলাই আহিল সেই কথা ব্যাখ্যা কৰি তেওঁ কয়, ‘মোৰ সম্প্রদায়টো আৰু মোৰ নিজৰ জীৱনৰ প্ৰতি বিপদ আছিল।

পৰিস্থিতিটো আছিল।জৰুৰী আৰু গত্যন্তৰহীন।সেই কাৰণে মই পলাই আহিবলৈ সিদ্ধান্ত ল’লোঁ আৰু ম‍ই ক’বই লাগিব যে ভাৰতত এজন শৰণাৰ্থী হিচাপে মই বেছি সুখী।ভাৰতৰ সৈতে আমাৰ দীঘলীয়া ইতিহাস আছে আৰু ম‍ই ভাৰত চৰকাৰৰ এজন বিনম্র অতিথি।

গণতন্ত্ৰ আৰু সমতাৰ বাবে দেশবোৰে যুঁজ দিয়াৰ প্ৰয়োজনীয়তাত গুরুত্ব দি দালাই লামাই কয়, ‘প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙক মই কৈছিলোঁ, মই আৰু ১৫-২০ বছৰ জীয়াই থাকিম, মই ভাৰতত মৃত্যুবৰণ কৰিবলৈ ভাল পাম।

ভাৰতক মানুহে আগুৰি আছে, যিসকলে প্রেম দেখুৱায়,কৃত্রিমতা নাই।চীনৰ বিষয়াসকল ঘেৰি থকা অৱস্থাত যদি মোৰ মৃত্যু হয়, তেন্তে বৰ বেছি কৃত্ৰিম হ’ব।মুক্ত গণতন্ত্ৰৰ দেশ ভাৰততে মৃত্যুবৰণ কৰিবলৈ ম‍ই ভাল পাম।

Leave A Reply