মুছলমান আৰু যাদৱৰ বাবে মই কাম নকৰো! জেডিইউৰ সাংসদৰ মন্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্যৰ…

লোকসভা নিৰ্বাচন অন্ত পৰিল৷বিজেপিৰ নেতৃত্বত এনডিএই গঠন কৰিলে চৰকাৰে৷ তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিল নৰেন্দ্ৰ মোদী৷ এনডিএৰ অন্যতম অংশীদাৰ দল হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)৷ নীতিশৰ সহায় অবিহনে বিজেপিৰ বাবে চৰকাৰ গঠন কৰাটো সম্ভৱ নহ’লহেতেন৷ কিন্তু এইবাৰ এনডিএৰ অংশীদাৰ দল জেডিইউৰ এগৰাকী সাংসদৰ মন্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ দুটা সম্প্ৰদায়ৰ লোকৰ হৈ কাম নকৰো বুলি ক’লে সাংসদগৰাকীয়ে৷

বিহাৰৰ সীতামাৰী সংসদীয় সমষ্টিৰ পৰা জেডিইউৰ প্ৰাৰ্থী দেৱেশচন্দ্ৰ ঠাকুৰে 515719 টা ভোট লাভ কৰি সংসদলৈ নিৰ্বাচিত হয়৷ অৱশ্যে তেওঁৰ জয়ৰ ব্যৱধান আছিল 51356৷বিজয়ৰ ব্যৱধান কম হোৱাৰ বাবে সাংসদগৰাকীয়ে দোষাৰোপ কৰিছে দুটা বিশেষ সম্প্ৰদায়ক৷ সেই দুয়োটা সম্প্ৰদায়ৰ ভোট নোপোৱাৰ বাবেই বিজয়ৰ ক্ষেত্ৰত ভোটৰ ব্যৱধান কম হোৱা বুলি দেৱেশচন্দ্ৰ ঠাকুৰে মন্তব্য কৰিছে৷ঠাকুৰে দোষাৰোপ কৰা সম্প্ৰদায় দুটা হৈছে যাদৱ আৰু মুছলমান৷যাৰ বাবে এতিয়া এই দুয়োটা সম্প্ৰদায়ৰ বাবে ‘‘কামনকৰো’’ বুলি ঘোষণা কৰিছে সাংসদ ঠাকুৰে৷সাংসদ দেৱেশচন্দ্ৰ ঠাকুৰে কয়, ‘‘মইযোৱা 22 বছৰ ধৰি সক্ৰিয় ৰাজনীতিত আছে৷এই সময়ছোৱাত মই মুছলমান আৰু যাদৱ সকলৰ বাবে সৰ্বাধিক কাম কৰিছিলো৷ কিন্তু এতিয়া মই স্পষ্টকৈ কওঁ যে এওঁলোকৰ বাবে মই কাম নকৰো৷যদি এই সমাজৰ লোকে মোৰ ওচৰলৈ নিজৰ কামৰ বাবে আবেদন লৈ আহিব খোজে, তেন্তে আহিব পাৰে৷মই তেওঁলোকক চাহ-জলপান খুৱাম৷কিন্তু চাহ-জলপান খাই তেওঁলোক গুচি যাব লাগিব৷ মই তেওঁলোকৰ কাম নকৰো৷’’ ‘‘মোৰ ওচৰলৈ এগৰাকী মুছলমান লোকে নিজৰ কামৰ আবেদন লৈ আহিছিল৷ভালমানুহ আছিল তেওঁ৷মই তেওঁক সুধিলো এই যে নিৰ্বাচনটো হৈ গ’ল, আপুনিতো নিশ্চয় লালটেন (লেম্প) চিহ্নতে ভোট দিলে৷মানুহজনে ক’লে হয় লালটেনৰ ছবিতে ভোট দিছো৷মই ক’লো যে তথাপিও আপুনি সাহস কৰি মোৰ ওচৰলৈ আহিছে৷ মই তেওঁক সুধিলোঁ যে কি ভাবি আহিছে ? মই আপোনালৈ চাহ-মিঠাই আনিবলৈ কৈছো৷তাৰপিচত আপোনাক দোৱা-চালাম জনাই বিদায় দিম৷কিন্তু মই আপোনাৰ কাম নকৰো৷’’- দেৱেশচন্দ্ৰ ঠাকুৰে কয়৷দেৱেশচন্দ্ৰ ঠাকুৰে আৰু কয়, ‘‘যেতিয়া যাদৱ আৰু মুছলমান ভোট দিয়াৰ সময়ত যদি জেডিইউৰ চিহ্ন কাঁড়ত টিপা মাৰে, তেন্তে নৰেন্দ্ৰ মোদীৰ ছবি দেখা পায়, সেয়ে তেওঁলোকে লালটেনত টিপা মাৰিলে৷তেন্তে কাম কৰাৰ সময়ত মই আপোনাৰ মুখত লালুজী আৰু লালটেনৰ ছবি কিয় নেদেখিম ? মই তেওঁলোকৰ কাম কেনেকৈ কৰিম? মই নোৱাৰো৷ মই প্ৰথমবাৰ এনেকুৱা কৰিছো৷ 70 বছৰ বয়সত প্ৰথমবাৰ মই এই কাম কৰিছো আৰু আগলৈও কৰিম৷

Related Articles