Breaking

মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত  ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন… 

0 16

মৰিধল মহাবিদ্যালয়ৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত

 ICSSR Sponsored ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন 

ধেমাজি জিলাৰ অন্যতম উচ্চশিক্ষাৰ প্ৰতিষ্ঠান মৰিধল মহাবিদ্যালয়ত শনিবাৰে এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় । Indian Council of Social Science Research চমুকৈ ICSSR ৰ পৃষ্ঠপোষকতাত তথা মহাবিদ্যালয়খনৰ ইংৰাজী আৰু দৰ্শন বিভাগৰ উদ্যোগত অনুস্থিত কৰা ” Women and Leadership in 21st

Century India ” শীৰ্ষক আলোচনাচক্ৰখনত অসমৰ বিভিন্ন জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পৰা শতাধিক গৱেষকে অংশগ্ৰহণ কৰি গৱেষণাপত্ৰ পাঠ আৰু জমা দিয়ে ।

আলোচনাচক্ৰখনত সমলব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা অপৰ্ণা বৰগোহাঁই, ভট্টদেৱ বিশ্ববিদ্যালয়ৰ বিনীতা দেৱ চৌধুৰী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দিব্যজ্যোতি দত্ত আৰু ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ টাবাং মিবাঙে ।

Leave A Reply