Breaking

“ছত্ৰ”ৰ উদ্যোগত মহিলাৰ স্তন কেন্সাৰৰ চিনাক্তকৰণ আৰু সজাগতা সভা

0 35

দৰঙৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান “ছত্ৰ”ই ‘অনকোকেয়াৰ ট্ৰাষ্ট’ৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে মহিলাৰ স্তন কেন্সাৰৰ সজাগতা বৃদ্ধিৰ লগতে এই ৰোগৰ চিনাক্তকৰণ কাৰ্যসূচী গ্ৰহণ কৰে। স্তন কেঞ্চাৰ ৰোগৰ ৰোগী, চিকিৎসক,  উকিল আদিৰে গঠিত অনকোকেয়াৰ ট্ৰাষ্ট নামৰ সংস্থাটোৱে ২০১৮ চনৰেপৰা অসমৰ চিকিৎসা ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে । জিলাখনৰ শতাধিক মহিলাৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাখনৰ আঁত ধৰে ছত্ৰ’ৰ জ্যেষ্ঠ কৰ্মী জগদ্বীশ হাজৰিকাই।

অনুষ্ঠানত অনকোকেয়াৰ ট্ৰাষ্টৰ কাৰ্যবাহী ডা: জয়দ্বীপ পুৰকায়স্থই মহিলাৰ স্তন কেন্সাৰৰ লক্ষণসমূহ, ইয়াৰ চিনাক্তকৰণৰ কৌশল আদি দিশ সমূহৰ লগতে চিকিৎসা সম্পৰ্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। ৰাজ্যখনৰ দিনক দিনে বৃদ্ধি হৈ থকা স্তন কেন্সাৰৰ ভয়াবহতাৰ বিষয়ে বৰ্ণনা কৰে। ছত্ৰ’ৰ কাৰ্যবাহী সঞ্চালক ননী কুমাৰ শইকীয়াই অসমত কেঞ্চাৰ ৰোগৰ সুলভ চিকিৎসা ব্যবস্থাৰ লগতে সম্ভাব্য লক্ষণ দেখিলেই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনায়। অন্যহাতে ডা: পুৰকায়স্থই মহিলা সকলৰ স্বাস্থ্য আৰু স্তন কেঞ্চাৰ পৰীক্ষা কৰি ৰোগীসকলক পৰামৰ্শ প্ৰদান কৰে।

Leave A Reply