Breaking

উত্তৰ প্ৰদেশত ৰাজ্যত অবৈধভাৱে বাস কৰা ৯হাজাৰৰো অধিক সন্দেহযুক্ত ৰোহিংগীয়া চিনাক্তকৰণ আৰম্ভ…

0 22

উত্তৰ প্ৰদেশ আৰক্ষীৰ মতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজেৰে লুকাই চুৰকৈ সোমাই ৰাজ্যখনৰ বিভিন্ন জিলাত ৯ হাজাৰৰো অধিক সন্দেহযুক্ত ৰোহিংগীয়াই অবৈধভাৱে বাস কৰি আহিছে। তেওঁলোকৰ চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে আৰু আন বহু অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে।

এই অনুপ্ৰৱেশকাৰীসকলে চহৰৰ বাহিৰৰ শিবিৰত, পথৰ কাষত, ৰে’ল ষ্টেচন আৰু বাছ ষ্টেণ্ডৰ ওচৰত থকা শিবিৰৰ লগতে শেহতীয়াকৈ চহৰসমূহৰ নিৰ্জন অংশত ওপৰলৈ অহা বস্তিসমূহত বাস কৰে।

সোমবাৰে ৰাজ্যখনত থকা অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিবলৈ সন্ত্ৰাসবাদ বিৰোধী দলে চলোৱা এক বিস্তৃত অভিযানৰ সময়ত ৫৫ জন পুৰুষ, ১৪ জন মহিলা আৰু ৫ জন নাবালককে ধৰি ৭৪ জন ৰোহিংগীয়াক জিম্মাত লোৱা হয়।

পশ্চিম উত্তৰ প্ৰদেশৰ ছখন জিলাত আটক ৰোহিংগীয়াসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰা বুলি বিশেষ ডিজি প্ৰশান্ত কুমাৰে জানিবলৈ দিয়ে।

Leave A Reply