Breaking

যদি কংগ্ৰেছ শাসনলৈ আহে প্ৰধানমন্ত্ৰী মোদী, যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিলে কৰ্ণাটকৰ এজন লোকে…

0 21

যদি কংগ্ৰেছ শাসনলৈ আহে… প্ৰধানমন্ত্ৰী মোদী, যোগী আদিত্যনাথক হত্যাৰ ভাবুকি দিলে কৰ্ণাটকৰ এজন লোকে,

পুৰন হত্যাৰ ভাবুকি লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷ দুয়োগৰাকী নেতাকে হত্যাৰ ভাবুকি দিলে কৰ্ণাটকৰ এজন লোকে৷ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক হত্যা কৰা হ’ব যদিহে কংগ্ৰেছ শাসনলৈ আহে। কৰ্ণাটকৰ এজন লোকে এটা ভিডিঅ’ বাৰ্তাত এনে ধৰণৰ ভাবুকি দিছে। অভিযুক্তজনৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্তজনক মহম্মদ ৰছুল কাদেৰ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি

কৰ্ণাটকৰ বাসিন্দা ৰাছুলে অলপতে তেওঁৰ ম’বাইল ফোনৰ চেলফি মোড ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছে। ভিডিঅ’টোত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক কংগ্ৰেছ শাসনলৈ আহিলেই হত্যা কৰা হ’ব বুলি ভাবুকি দিছে৷ ভিডিঅ’টোত লোকজনে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পিছত যদি কংগ্ৰেছ শাসনলৈ আহে, তেন্তে মোদী আৰু যোগীক হত্যা কৰা হ’ব। স্বাভাৱিকতে, তেওঁৰ ভিডিঅ’টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ সুৰপুৰ আৰক্ষী থানাত ঘটনাটোকলৈ এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।

সুৰপুৰ আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৫০৫ (১) (খ), ২৫ (১) (খ) আৰু অস্ত্ৰ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত ৰাছুল কৰ্ণাটকৰ য়াদগিৰ জিলাৰ ৰনগাপেট অঞ্চলৰ বাসিন্দা। কৰ্মসূত্ৰে লোকজনে হায়দৰাবাদত থাকে৷ আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত কৰ্ণাটকৰ লগতে হায়দৰাবাদৰ কেইবাঠাইতো তালাচী আৰম্ভ কৰিছে। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃত্যুৰ ভাবুকি পোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও তেওঁলোকে হত্যাৰ ভাবুকি পাইছে৷

Leave A Reply