Breaking

ইক্ৰা জিনিয়াছ একাডেমীৰ শুভাৰম্ভণি

0 27

আজি দৰং জিলাৰ বেছিমাৰীত ইক্ৰা জিনিয়াছ একাডেমী নামেৰে ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ এখনি শিক্ষা অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়।বাৰে -ৰহনিয়া কলা কৃষ্টিৰে শুভাৰম্ভণি অনুষ্ঠানটো সমাপন কৰা হয়।

2016 চনতে জেহেৰুল আমিনে শুভাৰম্ভ কৰা মুখ্য শাখা মঙলদৈৰ অধীনত পৰিচালিত বিদ্যা প্ৰতিষ্ঠানখনৰ এটি শাখা দৰং জিলাৰ বেচিমাৰীত শুভাৰম্ভ হোৱাত আনন্দিত বেচিমাৰীবাসী।সম্পূৰ্ণ ইছলামধৰ্মী নীতি -নিয়মেৰে পৰিচালিত শৈক্ষিক প্ৰতিষ্ঠানখনিত আৱাসিক সুবিধা উপলব্ধ থাকিব।শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে মধ্য কামৰূপ কলেজৰ প্ৰবক্তা হাফিজ ডক্তৰ নজৰুল ইছলাম অতিথি ৰূপে ।IQRA ৰ সঞ্চালক জেহেৰুল আমিন, আমছুৰ উপ -সভাপতি আব্দুৰ ৰহমান বিশ্বাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ আলহাজ নুৰুল ইছলামৰ লগতে কেইবাজনো বিশিষ্ট অতিথি উপস্থিত থাকে।হাফিজ ডক্তৰ নজৰুল ইছলামে কয় – বৰ্তমান সময় সাপেক্ষ এখনি বিদ্যানুষ্ঠন হৈছে ইক্ৰা।এনে বিদ্যালয়ত ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষা আহৰণ কৰি দেশ জাতিৰ উন্নতিত অৰিহণা যোগাব।ৰাইজক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।

Leave A Reply