Breaking

অৱসৰৰ টকাৰে ৰহাত এখন বৃদ্ধাশ্ৰম গঢ়িম :পুতুলী মূদৈ

0 21

অৱসৰ গ্ৰহণৰ দিনাই আজি ৰহাৰ কপিলী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীক পেন্সনৰ নথিপত্ৰ প্ৰদান কৰা হয়।এই উপলক্ষে আজি কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়।ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি ভূপেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখা কৰে পৰিষদৰ সম্পাদক লক্ষীপ্ৰসাদ ডেকাই।

সভাত  আজি অৱসৰ গ্ৰহণ কৰা চাপৰমুখ ৰেলৱে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পুতলী মুদৈক আনুষ্ঠানিকভাৱে বিভাগৰ জৰিয়তে পেন্সনৰ নথিপত্ৰসমূহ প্ৰদান কৰে কপিলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমৰ বৰুৱাই । নথিপত্ৰ প্ৰদান কৰি শিক্ষা বিষয়া বৰুৱাই অৱসৰৰ দিনাই এনেদৰে নথিপত্ৰ দিব পৰাত অতিশয় আনন্দিত হোৱা বুলি উল্লেখ কৰি অনাগত সময়ত অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী সকলকো এনেদৰে যাতে পেন্সনৰ নথিপত্ৰ দিব পাৰে তাৰ বাবে প্ৰচেষ্টা চলাব বুলি কয়।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম কৰ্মচাৰী পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদক শ্যামন্ত দাসে এনেদৰে পেন্সনৰ নথি পত্ৰ দিয়াৰ ব্যৱস্থা কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ কৰ্মৰত কৰ্মচাৰীসকলৰ লগতে পেন্সনাৰ সকলৰ বাবে স্বাস্থ্য বীমা আঁচনিখনো

তৎকালীনভাৱে কাৰ্যকৰী কৰি কৰ্মচাৰীসকলক সকাহ দিয়াৰ বাবে চৰকাৰক দাবী জনায়। সভাত সদৌ অসম ছাত্র সন্হাৰ তথ্য সম্পাদক মৃদুল হাজৰিকা, নগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰহ্লাদ কুমাৰ মছৰঙ, কপিলী প্ৰাথমিক শিক্ষক সন্মিলণীৰ সভাপতি ৰঞ্জিত পাটৰ,ৰহা আঞ্চলিক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক নীলোৎপল হাজৰিকা, ৰহা আঞ্চলিক সাংবাদিক সন্হাৰ সভাপতি দীপক কুমাৰ শৰ্মা,শিক্ষা খণ্ড কাৰ্যালয়ৰ সহায়ক লক্ষদেৱ বড়ো ,জয়ন্ত দাস আদি উপস্থিত থাকে।সভাত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী পুতলী মুদৈক ৰহা আঞ্চলিক কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা গামোছা, প্ৰশস্তি পত্ৰ,চেলেং আৰু কলম আদিৰে বিদায় সম্বৰ্ধনা জনোৱা হয়। সভাত বিদায়ী প্ৰধান শিক্ষয়িত্ৰী পুতুলী মুদৈয়ে কয়  অৱসৰৰ পাছত পাবলগা ধনেৰে ৰহা টোলগেটৰ কাষত গঢ়ি তুলিম এখন বৃদ্ধাশ্ৰম গঢ়ি তুলিম বুলিও কয় ।

Leave A Reply