Breaking

নাজিৰাৰ গেলেকীত জব্দ অবৈধ অৰুণাচলী সুৰা

0 2,041

 নাজিৰা ,প্ৰতিবেদক :-  নাজিৰা গেলেকীত স্থানীয় সচেতন যুৱকৰ তৎপৰতাত যোৱা নিশা  বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হয় । নাজিৰাৰ গেলেকী সীমান্তৱৰ্তী  শিঙিবিল বি অ’ পি ৰ সমীপত স্হানীয় যুৱককেইজনমানে পথেৰে গৈ থকা অৱস্থাত ট্ৰাকখনে আগা – ভেটা কৰাত যুৱককেইজনে ট্ৰাকখন ৰখাই চোৱাত চিমেণ্টৰ বস্তাৰ তলত   বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা দেখা পাই লগে লগে গেলেকীৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে যথা স্থানত উপস্থিত হৈ  যুৱক সকলৰ তৎপৰতাত আৰক্ষীয়ে  তদন্ত চলাই  ট্ৰাকখন সহ চালকজনক আটক কৰে ।AS03BC 9710 নম্বৰ ডাম্পাৰখনত আমগুৰি হালোৱাটিংৰ পৰা নাগালেণ্ডৰ ইয়ংলক বস্তিলৈ অবৈধ ভাৱে কঢ়িয়াই নিছিল এই অৰুণাচলী সুৰাখিনি।চিমেণ্ট ভৰ্তি এই ডাম্পাৰখনৰ পৰা সৰ্বমুঠ ২১০টা অবৈধ অৰুণাচলী সুৰাৰ কাৰ্টুন জব্দ কৰা হয়।১০০বেগ চিমেণ্টৰ ভিতৰত ২১০কাৰ্টুন অবৈধ  অৰুণাচলী সুৰা কঢ়িয়াই আনিছিল ডাম্পাৰৰ চালকে।ডাম্পাৰৰ চালক ৰুবুল হুছেইনক ইতিমধ্যে গেলেকীৰ আৰক্ষীয়ে আটক কৰি সুধা – পোচা অব্যাহত ৰাখিছে ।

Leave A Reply