Breaking

ৰাজ‍্যত অবৈধ গো-ধন সৰবৰাহ অব‍্যাহত

0 29

 অসমত গো-সুৰক্ষা আইনেও নাকী লগাব পৰা নাই অবৈধ গৰু সৰবৰাহত। দৈনিক আৰক্ষীৰ চকুৰ আগেদিয়ে অবৈধভাৱে সৰবৰাহ হৈ গৰু। চৰকাৰৰ কঠোৰ আইনৰ পিছতোঅপৰাধীয়ে বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত অব্যাহত ৰাখিছে গো-ধনৰ অবৈধ সৰবৰাহ। উজনিৰ বিভিন্ন স্থানৰ পৰা সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে এতিয়াও চলি আছে গো-ধনৰ অবৈধ সৰবৰাহ। দেওবাৰে জখলাবন্ধা আৰক্ষী নিৱেশৰ অধীনৰ বাগৰি আৰক্ষী চকীয়ে অবৈধভাৱে সৰবৰাহ কৰা গাড়ীসহ গৰু জব্দ কৰাৰ কৰাৰ লগতে অবৈধ সৰবৰাহত জড়িত ৭ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়। এ. এচ. ০২ চি. চি. ৬৩৩৬, এ. এচ. ০২ চি. চি. ১১৬৫, এ. এচ. ০২ বি. ৩৯০৫ আৰু এ. এচ. ০২ বি. চি. ৩৯১৫ নম্বৰৰ গাড়ীকেইখনে উজনিৰ পৰা চামগুৰিৰ বিভিন্ন অঞ্চললৈ উপযুক্ত নথি-পত্ৰ অবিহনে সৰবৰাহ কৰোতে বাগৰিত জখলাবন্ধা আৰু বাগৰি আৰক্ষীৰ জালত পৰে ৩৬ টা গৰুসহ গাড়ীকেইখন। অবৈধ সৰবাহৰ লগত জড়িত চামগুৰি আৰক্ষী নিৱেশ এলেকাৰ কনুৱামাৰীৰ জাকাৰিয়া হুছেইন, বৰমাবিলৰ জান্নাতুল হ’ক, ইব্ৰাহিম আলি, নুৰ মহম্মদ, জমিৰ হুছেইন, বাহাৰুল ইচলাম আৰু বৰমাৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। মাজে-মাজে আৰক্ষীৰ সক্ৰিয়তাত এনে অপৰাধী কৰায়ত্ব হোৱা দেখা যায় যদিও দৈনিক গৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰী আইনে কাৰ্য‍্যকৰী ভূমিকা ল’ব পৰা নাই।

Leave A Reply