Breaking

গৰুৰ অবৈধ সৰবৰাহ; পৃথকে চলোৱা অভিযানত উদ্ধাৰ বৃহৎ সংখ‍্যক গৰু

0 73

অসম চৰকাৰে পশুধনক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন বলবৎ কৰিছিল৷ গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে৷

কিন্তু ৰাজ্য চৰকাৰে গো সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। ইফালে গৰুৰ অবৈধ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সষ্টম হৈছে আৰক্ষীও। ৰাজ্য ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে ইতিমধ্যে চোৰাংভাৱে সৰবৰাহ কৰা বহু গৰু উদ্ধাৰৰ লগতে সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে।

কিন্তু যিমানেই আৰক্ষীয়ে সৰবৰাহকাৰীক আটক কৰিছে সিমানেই ন-ন কৌশল অৱলম্বন কৰি সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে গৰু কিম্বা ম’হৰ সৰবৰাহৰ। কেতিয়াবা যদি নৈশ বাছৰ ভিতৰত, কেতিয়াবা আকৌ কণ্টেইনাৰ বাহনৰ ভিতৰত লুকাই গৰু সৰবৰাহ কৰিছে সৰবৰাহকাৰীয়ে শেহতীয়াকৈ, পুনৰ কলিয়াবৰত দুটাকৈ পৃথক পৃথক স্থানত আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় বৃহৎ সংখ‍্যক গৰু৷

জখলাবন্ধা আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, দেওবাৰে সন্ধিয়া এখন ডি. আই. বাহনত শাক-পাচলি কঢ়িওৱাৰ নামত অবৈধভাৱে গৰুৰ সৰবৰাহৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। গোপন সূত্ৰই দিয়া খবৰ অনুসৰিয়েই আৰক্ষীয়ে অভিযান চলাই ডি আই বাহনখনৰ পৰা উদ্ধাৰ কৰে ১০ টাকৈ চোৰাংভাৱে সৰবৰাহ কৰা গৰু৷

লগতে আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰীক ৷ আটকাধীন সৰবৰাহকাৰী দুটা নাজিবুৰ ৰহমান আৰু দিলদাৰ হুছেইন ৷ দুয়োৰে ঘৰ ২ নং বৰঘূলীত বুলি জানিব পৰা গৈছে। একেদৰে সোমাবাৰে অৰ্থাৎ আজিও আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই লাভ কৰে সাফল্য৷ পুৱা বাগৰি আৰক্ষীৰ অভিযানত কলিয়াবৰ মহকুমাৰ হাৰমতিত জব্দ হয় এখন গৰুভৰ্তি ট্ৰাক। জানিব পৰা মতে বিহৰাৰ পৰা শিৱস্থানলৈ কঢ়িয়াই আনিছিল প্ৰায় ৩০ টাকৈ গৰু।

কিন্তু আৰক্ষীয়ে অভিযান চলাই এ. এছ. ০১ জি. চি ১২৩২ নম্বৰ ট্ৰাকখন জব্দ কৰাৰ লগতে উদ্ধাৰ কৰে গৰুখিনি। লগতে আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালকক৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আটকাধীন আটাইকেইটা সৰবৰাকাৰীক।

Leave A Reply