Breaking

হাউলীৰ জয়পুৰত পুনৰ আৰম্ভ হৈছে অবৈধ শিল-বালিৰ মহল : দৈনিক হাজাৰ হাজাৰ টকাৰ ৰাজহৰ পৰা বঞ্চিত অসম চৰকাৰ

0 60

হাউলীৰ জয়পুৰত বেঁকী নদীক কেন্দ্ৰ কৰি পুনৰ অবৈধ শিল-বালিৰ মহল গঢ়ি উঠিছে । বৰপেটা ৰোড বনাঞ্চালৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলীৰ ওচৰৰ জয়পুৰ বেঁকী নদীত একাংশ অসাধু ব্যৱসায়ীয়ে পুনৰ অবৈধ  মহল গঢ়ি তুলি শিল-বালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰা পৰলক্ষিত হৈছে । সম্প্ৰতি একাংশ লোকে অবৈধ ভাবে চৰকাৰক ৰাজহ ফাঁকি দি বনজ সম্পদৰ লুন্ঠন কাৰ্য অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বন বিভাগৰ কোনো ধৰণৰ অনুজ্ঞাপত্র নোলোৱাকৈ  অবৈধ ব্যৱসায়ী সকলে একাংশ শ্ৰমিকৰ দ্বাৰা নদীৰ পৰা শিল-বালি সংগ্ৰহ কৰি আহিছে । শিল-বালি সমূহ ট্ৰাক, ট্ৰেক্টৰৰ জৰিয়তে হাউলী থানাৰ সন্মুখেৰে দৈনিক গঢ়ে ৬০ৰ পৰা এশখনকৈ গাড়ী জিলা খনৰ বিভিন্ন ঠাইত বিক্ৰী কৰি থকা হৈছে বুলি অভিযোগ উঠিছে । ইয়াৰ ফলত অসম চৰকাৰৰ বন বিভাগ লাখ লাখ টকাৰ ৰাজহৰ পৰা বঞ্চিত হব লগীয়া হৈছে । এনেদৰে বনজ সম্পদৰ লুন্ঠন কাৰ্যত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এনে কাৰ্য অতি সোনকালে বন্ধ কৰিবলৈ বন মন্ত্রীৰ হস্থক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ।

Leave A Reply