Breaking

নগাঁৱত বন বিভাগৰ অভিযানত অবৈধ কাঠফলা মিল জব্দ

0 33

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ৩ নৱেম্বৰঃ নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখনৰ পানিখাইতি অঞ্চলত অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি পানিখাইতি অঞ্চলৰ  ৰিংকু আহমেদ নামৰ লোক এজনে অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল।

মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল।  এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিলটো উৎখাত কৰাৰ লগতে কাঠমিল চলোৱাত ব্যৱহৃত এটা ডিজেল জেনেৰেটৰ জব্দ কৰিবলৈ সক্ষম হয়।

অবৈধ কাঠ ফলা মিল জব্দ আৰক্ষীৰ

অভিযান কালত  বনাঞ্চলিক বিষয়া জয়ন্ত গোস্বামীক সংগ দিয়ে বন পালক প্ৰভাত বৰাৰ লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে অভিযান কালত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

Leave A Reply