Breaking

নলবাৰীত অবৈধ কাঠফলা মিল জব্দ বন বিভাগৰ

0 1,520

নলবাৰী জিলাৰ বিভিন্ন ঠাইত গোপনে চলাই থকা অনুজ্ঞাপত্ৰ বিহীন কাঠ মিলৰ বিৰুদ্ধে কঠোৰ হৈছে বন বিভাগ৷ উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশত নলবাৰী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ অনুজ্ঞাপত্ৰ বিহীন কাঠফলা মিলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ এই অভিযানৰ সফলতাৰ অংশ হিচাপে কালি অৰ্থাৎ ১ ছেপ্তেম্বৰৰ পুৱাৰ ভাগত নলবাৰী বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ নেতৃত্বত বন বিভাগৰ এটা দলে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত টেঙাবাৰী আৰু আল্লিয়া অঞ্চলৰ পৰা দুটা কাঠফলা মিল জব্দ কৰা হয়৷ জব্দাকৃত সামগ্ৰী সমূহ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত জমা ৰখা বুলি জনা গৈছে৷ ইপিনে জিলাখনৰ বিভিন্ন ঠাইত বৰ্তমানেও চলি থকা অনুজ্ঞাপত্ৰবিহীন কাঠফলা মিলৰ বিৰুদ্ধে তীব্ৰ অভিযান চলিব বুলি বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

Leave A Reply