Breaking

বিশ্বনাথৰ ছেলাইখাতিত ক’ভিড পৰিস্থিতিৰ প্ৰভাৱঃ ব্যৱসায় প্ৰতিষ্ঠান সমুহ সম্পূৰ্ণ ৰূপে বন্ধ

0 2,065

বিশ্বনাথ জিলাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৱৰ্তীৰ ছেলাইখাতিৰ লগতে পাৰ্শ্বৱৰ্তী এলেকা সমুহৰ  ৰাইজে  ক’ৰোনা মহামাৰীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিবাহ অনুষ্ঠানৰ লগতে ধৰ্মীয় অনুষ্ঠান সমুহ আয়োজন কৰাৰ পৰা সম্পুৰ্ণ ৰূপে বিৰত আছে ৷ সম্প্ৰতি ক’ভিড-১৯ দ্বিতীয়টো ঢৌৱে মৃত্যুৰ বিভিষিকা সৃষ্টিত এতিয়া গাঁৱৰ পৰিৱেশতো গঞা ৰাইজ আতংকিত হোৱা দেখা গৈছে। বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ দিনৰ ২ বজাৰ পৰা  বন্ধৰ ঘোষনা কৰিছে ৷ লগতে শিক্ষানুষ্ঠান সমুহ বন্ধ ৰাখিছে। ইয়াৰ উপৰিও  সকলো কাৰ্যালয়  ২ বজাৰ পৰাই বন্ধ  থকাৰ নিৰ্দেশনা জাৰি কৰিছে  ৷বিবাহৰ অনুষ্ঠান হলে ২০ জন লোকৰ হে উপস্থিতিৰ অনুমতি আছে ৷ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ বাবে অভ্যৰ্থনাৰ অনুমতি নাই বুলি জানিব পৰা গৈছে ৷আনহাতে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বলবৎ থাকাত চৌদিশে জনশূণ্য পৰিৱেশ  ৷অসম অৰুণাচল সীমান্তৱৰ্তীৰ  বৃহত্তৰ এলেকাকে ধৰি মহজুলি পথাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সমুহ দিনৰ ২ বজাৰ পৰাই বন্ধ হোৱা  পৰিলক্ষিত হৈছে ৷আনহাতে ঠায়ে ঠায়ে কভিদ১৯ৰ উদ্বেগজনক  পৰিস্থিতিক লৈ বিশেষ সজাগতামুলক কাৰ্যসুচীও ৰূপায়ণ কৰাৰ লগতে অসম অৰুণাচল সীমান্তৱৰ্তীৰ   সচেতন লোকসকলক সজাগতা অনা পৰিলক্ষিত হৈছে।

Leave A Reply