Breaking

দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : কাকপথাৰ উভতা গাঁৱত হেৰ’ইনসহ পাঁচ যুৱকক আটক

0 2,086

যোৱা ইংৰাজী ৩০ তাৰিখৰ দৈনন্দিন বাৰ্তাত “কাকপথাৰ, ডিৰাকত ড্ৰাগছ, কানি, মদৰ অবাধ বেহা::নীৰৱ-নিৰ্বিকাৰ আবকাৰী বিভাগ, আৰক্ষী” নামৰ এক শীৰ্ষক বাতৰিত তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী কাকপথাৰ, বৃহত্তৰ ডিৰাক অঞ্চলত ব্যাপক হাৰত  বৃদ্ধি পোৱা ড্ৰাগছ, কানি, মদৰ অবাধ বেহাৰ বিষয়ে প্ৰকাশ পোৱাৰ লগে লগে কাকপথাৰ আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱা দেখা যায় ।  কালি কাকপথাৰ আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি  কাকপথাৰ উভতা গাঁৱত ১২.৪০ গ্ৰাম হেৰ’ইনসহ পাঁচ যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন যুৱক কেইজন ক্ৰমে তিনিচুকীয়া জিলাৰ ধলা থানাৰ অন্তৰ্গত আঢ়ৈমুৰীয়া গাৱঁৰ প্ৰভাত সোনোৱালৰ পুত্ৰ  সঞ্জীৱ সোনোৱাল(২২), দ্বীপ সোনোৱালৰ পুত্ৰ বিবেকা সোনোৱাল (২৩), কাকপথাৰ থানাৰ অন্তৰ্গত তেজী গাঁৱৰ গোপাল নেওঁগৰ পুত্ৰ বিপ্লৱ নেওঁগ (২১), নামউৱন গাঁৱৰ গিৰিন্দ বড়াৰ পুত্ৰ মুমিন বড়া (৩০), ১ নং তেজী গাঁৱৰ  লীলাকান্ত মৰাণৰ পুত্ৰ মনোজ মৰাণ (২৯) ৷ যুৱক কেইজনক আটক কৰি নাৰ্কোটিক ড্ৰাগছ এণ্ড চাইকোট্ৰপিক চাবষ্টেন্স আইনৰ (NDPS Act.) ২২ (বি)/২৯ নং ধাৰাৰ অধীনত কাকপথাৰ থানাত ২২/২০২১ নং গোচৰ ৰুজু কৰে। আৰক্ষী এনে কাৰ্যক কাকপাথৰৰ ৰাইজে শলাগ লৈছে আৰু এনেধৰণৰ মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অনাগত দিনত ইয়াতকৈ অধিক কঠোৰ হ’বলৈ আহ্বান জনাইছে ।

Leave A Reply