Breaking

ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে এইবাৰ থিয় দিছে নিজ দলৰে শীৰ্ষ নেতৃত্ব

0 2,040

ট্ৰাম্পৰ দলৰ শীৰ্ষ নেতৃত্বই এইবাৰ থিয় দিছে ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। আজি ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপন কৰা হ’ব মহাভিযোগ।

৪ জানুৱাৰী তাৰিখে আমেৰিকাৰ কেপিটেল হিল স্থিত সংসদ ভৱনত ট্ৰাম্পৰ সমৰ্থকে কৰা উদ্ভণ্ডালী আৰু মাৰপিটৰ পিছতে ট্ৰাম্পৰ বিৰুদ্ধে থিয় দিছে সকলো । সেই ঘটনাত ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল।

আজি নিম্ন সদনত উত্থাপিত হব মহাভিযোগ ৰ প্ৰস্তাৱ। এই অভিযোগৰ ওপৰত আৱশ্যকীয় ভোট লাভ কৰাৰ পিছতে উচ্চ সদনত উত্থাপন কৰা হব এই মহাভিযোগ ৰ প্ৰস্তাৱ।

উল্লেখ্য যে, ট্ৰাম্পৰ বিৰুদ্ধে এতিয়া তেওঁৰে দলৰ কেইবাগৰাকী দেতা থিয় দিব। হয়তো আজি এই অভিযোগ উচ্চ সদনলৈ লৈ যোৱা হ’ব।

Leave A Reply