Breaking

মুছলপুৰত এছ এছ বিৰ উদ্যোগত ফিট ইণ্ডিয়া মুভমেণ্ট কাৰ্যসূচী ৰূপায়ণ

0 1,515

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ভূটানখুটীস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ২৭ নং বেটেলিয়নৰ এ কোম্পানীৰ উদ্যোগত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ফীট ইণ্ডিয়া মুভমেণ্ট শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰায় শতাধিক চাইকেলেৰে এক বিশাল ৰেলীৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত ২৭ নং সশস্ত্ৰ সীমা বলৰ এ কোম্পানীৰ নিৰীক্ষক সঞ্জিত সমজদাৰ উপস্থিত থাকি গাঁও অঞ্চলত থকা ছাত্ৰ-ছাত্ৰী সকলক সুস্থ আৰু সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰে এই কাৰ্যসূচী পালন কৰা হৈছে বুলি মন্তব্য কৰি আগন্তুক দিনবোৰতো সময়ে সময়ে এনে ধৰণৰ সামাজিক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে

Leave A Reply