Breaking

গোৱালপাৰাত এ আই ইউ ডি এফ দলৰ মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন। ৰাজ্যপাললৈ পাচ দফীয়া দাবীৰ স্মাৰক পত্ৰ প্ৰদান

0 2,026

 যোৱা ২৫ ছেপ্তেম্বৰ তাৰিখে দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ ধলপুৰৰ গৰুখুটিত অসম চৰকাৰৰ দ্বাৰা সংঘটিত হোৱা হত্যাযজ্ঞ আৰু অমানবীয় উচ্ছেদৰ প্ৰতিবাদত আৰু উচ্ছেদিত সকলক পৰ্যাপ্ত পৰিমাণে ক্ষতি পূৰণৰ সৈতে পুনৰ সংস্থাপন দিয়াৰ দাবীত আজি এ আই ইউ ডি এফ দলৰ গোৱালপাৰা জিলা কমিটিৰ দ্বাৰা এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। এ আই ইউ ডি এফৰ গোৱালপাৰা জিলা সমিতিৰ সভাপতি ছফিয়ৰ ৰহমান আৰু সাধাৰণ সম্পাদক সহিদুৰ ৰহমান আৰু কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আব্দুল হাইয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত এ আই ইউ ডি এফে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল গৰাকীলৈ পাঁচ দফীয়া দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদী সকলে  অসম চৰকাৰৰ আৰক্ষী বাহিনীক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায়। অন্যথা চৰকাৰৰ বিৰুদ্ধে একগোট হৈ তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। অসম চৰকাৰৰ এই অমানৱীয় কাৰ্য্যই চৰকাৰৰ ফেচিবাদী চৰিত্ৰ ওলাই পৰিছে।

Leave A Reply