Breaking

আজিৰ কেবিনেটত বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 526

আজিৰ কেবিনেটত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অতিৰিক্ত বোজা কঢ়িওৱা কয়লা পৰিবাহী ট্ৰাকৰ চলাচল নিয়ন্ত্ৰণৰ বাবে আজি কেবিনেটে বৰাক উপত্যকাৰ দীঘৰখাল আৰু অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গে’টত চৰকাৰী জোখ-মাখ বিভাগৰ জৰিয়তে প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ ওজন লোৱাৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ এই ব্যৱস্থা পৰীক্ষামূলকভাৱে অহা ৩১ মাৰ্চলৈকে চলিব৷ এতিয়াৰে পৰা ছাগলীয়া গে’টেৰে কোনোধৰণৰ কয়লা পৰিবাহী ট্ৰাক আহ-যাহ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

এই ব্যৱস্হা কয়লাৰ অবৈধ সৰবৰাহ আৰু কৰ ফাঁকি (Tax Evasion) ৰোধ কৰাত সহায়ক হ'ব বুলি আশা ব্যক্ত কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে।
Leave A Reply