Breaking

টেট শিক্ষক সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্তত লা‍ভান্বিত হ’ব আত্মসহায়ক গোটসমূহো

0 2,066

আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সংবাদমেলত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা জাতীয় সংগীতেৰে আৰম্ভ হ’ব চৰকাৰী অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিব। চৰকাৰী অনুষ্ঠান ব্যৱহাৰ হ’ব থলুৱা গামোচা। হাতেৰে বোৱা গামোচা ব্যৱহাৰ হ’ব চৰকাৰী অনুষ্ঠানত। লগতে চাহৰ সৈতে লাৰু–পিঠা খোৱাৰ দিহা কৰা হ’ব। আত্মসহায়ক গোটক লাভাম্বিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

‘‘২৮ জুলাইত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। উক্ত দিনটো দেশভক্ত দিৱস হিচাপে ৰাজ্যত পালন কৰা হ’ব। ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস, সেই দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব। এই দিৱসত জিলাভিত্তিক ৫জন শ্ৰেষ্ঠ কৰ্মচাৰীক পুৰস্কাৰ দিয়া হ’ব। ৰাজ্যিক হিচাপে ১০জনক দিয়া হ’ব শ্ৰেষ্ঠ পুৰস্কাৰ।’’ ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই।কেবিনেট বৈঠকত টেট শিক্ষক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। টেট শিক্ষকৰ কোৱালিফিকেশ্যন কেন্দ্ৰই সিদ্ধান্ত লয়। টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰমাণ পত্ৰৰ ম্যাদ বৃদ্ধি। জীৱনজোৰা হ’ব টেট শিক্ষকৰ প্ৰমাণ পত্ৰৰ ম্যাদ। অৱশ্যে চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বয়সৰ ঊৰ্ধ্বসীমা।

Leave A Reply