Breaking

কলাইগাঁও শ্বহীদ ভৱনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা

0 2,040

কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কায্যালয় শ্বহীদ ভৱনত ২২ ছেপ্তেম্বৰত সন্থাৰ এখনি গুৰুত্বপূৰ্ণ কায্যনিবাহক সভা অনুষ্ঠিত হৈ যায়। সভাত শিক্ষা, স্বাস্থ‍্য ৰাস্তা ঘাট আৰু বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হয়। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মাধুৰ্য শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত নাথ আৰু সাধাৰণ সম্পাদক ৰাতুল বৰুৱাৰ উপস্থিতিত কলাইগাঁও আঞ্চলৰ কেইবাটাও সমস্যাৰ ওপৰত বিতং আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সভাত দীৰ্ঘদিন ধৰি ক’ডিভ কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহৃত কলাইগাঁৱৰ চিকিৎসাৰ একমাত্ৰ স্থল কলাইগাঁও আদৰ্শ চিকিৎসালয়খন পুণৰ ৰোগীসকলৰ বাবে মুকলি কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, লগতে কলাইগাঁও মহাবিদ্যালয়ৰ নামত থকা বেদখল হৈ থকা ৭৮ বিঘা মাটি, কলাইগাঁও সাপ্তাহিক বজাৰৰ বেদখল হৈ থকা মাটি আৰু নোৱা নৈ টি-ষ্টেটৰ মাটি বেদখনমুক্ত কৰাৰ দাবীত ২৪ ছেপ্তেম্বৰত আঞ্চলিক ছাত্ৰ সন্থাই বৃহৎ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একে সময়তে জিলা ছাত্ৰ সন্থাৰ আহ্বানত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিৰ দাবীত ৰূপায়ন হ’ব এই মানৱ শৃংখল কাৰ্যসূচী।সভাত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক দিশত কেতবোৰ আলোচনা কৰাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত আঞ্চলিক ছাত্ৰ সন্থাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি পৰ্যায়ক্ৰমে সেইবোৰ ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave A Reply