Breaking

বনমন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু তিনি গৰাকী বিধায়কৰ হোজাই উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

0 2,012

হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷ সভাত ৰাজ্যৰ বন ও পৰিৱেশ বিভাগৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে যমুনামুখ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমল, হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ উপস্থিত থাকে ৷ আজিৰ পৰ্যালোচনা সভাত হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰী , জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে জিলাখনৰ সকলো বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । সভাত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জিলাখনৰ কোভিড ভেকচিনৰ পৰা আৰম্ভ কৰি জিলাখনৰ সকলো বিভাগৰ উন্নয়নমূলক কাম কাজৰ ওপৰত পৰ্যালোচনা কৰে ৷ মন্ত্ৰীগৰাকীয়ে ক্ষীপ্ৰ গতিত উন্নয়নমূলক কাম কাজ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। লগতে কাম সমূহ নিয়াৰিকৈ হৈছে নাই , সেইবোৰ বিভাগীয় বিষয়াসকলক তদাৰক কৰাৰ নিৰ্দেশ দিয়ে ৷ উপায়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে খণ্ড উন্নয়ন বিষয়া, ৰাজহচক্ৰ বিষয়াৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত আছিল ৷ সভাৰ পিছত মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় – আজি মই উপায়ুক্তৰ লগতে তিনিও গৰাকী বিধায়ক, সাংসদৰ প্ৰতিনিধি, এগৰাকী অভিভাৱক সচিব , বিজেপিৰ হোজাই জিলা সভাপতি আৰু অগপৰ হোজাই জিলা সভাপতিৰ লগতে ১২ টা বিভাগৰ বিষয়া সকলৰ লগত মিলিত হৈ আলোচনা কৰিছো ৷ বিগত সময়ছোৱাত আঠাইকেইটা বিভাগত চলি থকা উন্নয়নমূলক কাম কাজ বোৰ  আমি চালি-জাৰি চাইছো আৰু যিবোৰ আধৰোৱা হৈ আছে বা নতুনকৈ আৰম্ভ হবলগীয়া কামবোৰ শীঘ্ৰে আৰম্ভ কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷ সভাত উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে জিলা পৰিষদৰ সভানেত্ৰীকো দ্বায়িত্ব দিয়া হৈছে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় – জৰাজীৰ্ণ বাট পথৰ কাম শীঘ্ৰে আৰম্ভ হব, বিশেষকৈ কৃষৰ সাৰৰ নাটনি বুলি অভিযোগ উঠিছে, সাৰৰো শীঘ্ৰে ব্যৱস্থা কৰা হব ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয়- যিসকল লোকে মাটি বেচা কিনাৰ অনুমতি লাভ কৰা নাই, সেইসকল লেকৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ আনি আছে ৷ অলপতে মুখ্যমন্ত্ৰী গৰাকীয়ে গুৱাহাটীত ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত সকলৰ লগত আলোচনাত মিলিত হৈছে, সেই সমস্যাবোৰ শীঘ্ৰে সমাধান হবলৈ গৈ আছে বুলি অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মন্তব্য কৰে ৷

Leave A Reply