Breaking

নলবাৰী পৰিবহন বিষয়াৰ কাৰ্যালয়ত CSC ৰ ভি এল ই সকলৰ পৰিবহন সেৱাৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক …

0 55

নলবাৰী পৰিবহন বিষয়াৰ কাৰ্যালয়ত আজি ভি এল ই সকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুস্থিত কৰা হয় । নলবাৰী পৰিবহন বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠক খনত পৰিবহন সেৱাৰ ওপৰত আলোচনা কৰা হয় । নলবাৰী বিভিন্ন অঞ্চলৰ প্ৰায় ৮০ গৰাকীতকৈ অধিক CSC ৰ ভি এল ই সকলে এই বৈঠকত অংশ গ্ৰহণ কৰে ।

নলবাৰী পৰিবহন বিভাগৰ ভাৰপ্ৰাপ্ত জ্যেষ্ঠ সহায়ক বিবেকানন্দ দেৱ গোস্বামীয়ে আঁত ধৰা এই বৈঠকত নলবাৰী জিলাৰ পৰিবহন বিষয়া সীমান্ত কুমাৰ বৰাই অংশ গ্ৰহণ কৰি ভি এল ই সকলক পৰিবহন সেৱাৰ ওপৰত সাৰুৱা ভাষণ কৰে । আনহাতে ভি এল ই সকলে পৰিবহন সেৱাৰ ওপৰত কৰা প্ৰত্যেকটো প্ৰশ্নৰ সুন্দৰ ভাৱে বিশ্লেষণ কৰে নলবাৰী পৰিবহন বিভাগৰ এম ভি আই জয়ন্ত দেউৰীয়ে ।

তদুপৰি এই বৈঠকতে যি বিলাক কমন চাৰ্ভিচ চেন্টাৰে পৰিবহন সেৱা প্ৰদান কৰিব সেই চেন্টাৰত সমূহক চাৰ্টিফিকেট প্ৰদান কৰা হয় । আজিৰ এই অনুষ্ঠানত কমন চাৰ্ভিচ চেন্টাৰ জিলা প্ৰৱন্ধক হিবজুৰ ৰহমান সহ পৰিবহন বিভাগৰ বিষয়ববীয়া আৰু কৰ্মচাৰী সকল উপস্থিত থাকে ।

Leave A Reply