Breaking

বঙাইগাঁৱৰ কোকিলাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আব্দুল বাতেনৰ ঘৰত থকা গাঞ্জা খেতি কাটি তহলিং কৰে আৰক্ষীয়ে…

0 49

বঙাইগাঁৱৰ কোকিলাত গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত। অভিযানত আব্দুল বাতেনৰ ঘৰত থকা গাঞ্জা খেতি কাটি তহলিং কৰে আৰক্ষীয়ে ।

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কোকিলা নয়াপাৰাৰ বাতেন আলী নামৰ লোকজনে নিজ গৃহতে নিষিদ্ধ গাঞ্জা খেতি কৰিছিল যদিওঁ আজি আৰক্ষীয়ে অভিযান চলায় গাঞ্জা সমুহ কাটি তহলিং কৰে।

কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমনি মচৰাংগে চলোৱা অভিযানত বাতেন আলীৰ গৃহৰ চোতালত ৰুই থোৱা নিষিদ্ধ গছসমূহ কাটি তহলিং কৰে।

আৰক্ষীয়ে কাটি তহলিং কৰা গাঞ্জাসমুহৰ ওজন ২৪ কেজি হয়। ঘটনা সংক্ৰান্তত বাতেন আলীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

Leave A Reply