Breaking

চীনত এতিয়া জনতাই লকডাউনৰ বিৰুদ্ধে জাগি উঠিছে…

0 55

চীনত এতিয়া জনতাই লকডাউনৰ বিৰুদ্ধে জাগি উঠিছে। পথলৈ ওলাই আহি জনতাই দেশ খনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বিৰুদ্ধে ধ্বনি দিছে।বিগত দুটা বছৰত কোভিডৰ বাবে ঘোষণা কৰা লকডাউনে বিশ্বৰ অৰ্থনীতিৰ মেৰুদণ্ড ভাগি পেলাইছে। শেহতীয়াকৈ বিশ্বৰ বহু দেশে কোভিডৰ চিন্তাৰ পৰা মুক্ত হ’বলৈ চেষ্টা চলাইছে যদিও কোভিডৰ উৎপত্তিস্থল হিচাবে চৰ্চিত চীনত পুনৰ লকডাউনে আউল লগাইছে।

চীনত শেহতীয়াকৈ কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহভাবে বাঢ়িছে।দেশ খনৰ চৰকাৰে কোভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেইবা খনো প্ৰদেশত লকডাউন ঘোষণা কৰিছে। কিন্তু কোভিডৰ সংক্ৰমণ বৃদ্ধি পালেও চীনৰ জনসাধাৰণে লকডাউনৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। সেয়ে লকডাউনৰ বিৰুদ্ধে দেওবাৰে পুৱা ছাংহাইত জিনপিং প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে। হাজাৰ হাজাৰ লোকে লকডাউনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে।তেওঁলোকৰ একমাত্ৰ দাবী হ’ল চীনৰ সকলো অঞ্চলৰ পৰা লকডাউন উঠাই লোৱা হওঁক।

ইফালে বেইজিঙকে ধৰি কেইবাখনো চহৰলৈ নতুনকৈ কৰোনাৰ সংক্ৰমণ বিয়পি পৰিছে। যোৱা চাৰি দিন ধৰি দৈনিক কৰোনা ভাইৰাছত সংক্ৰমিত ৰোগীৰ সংখ্যা প্ৰায় ৪,০০০হৈছে। ২৬ নৱেম্বৰৰ তথ্য অনুসৰি চীনত নতুনকৈ কৰোনা সংক্ৰমণৰ মুঠ সংখ্যা হৈছে ৩৯,৭৯১। তাৰে ভিতৰত, ৩,৭০৯ জনৰ দেহত কোভিডৰ লক্ষণ আছে।আক্ৰান্ত ৩৬ হাজাৰ ৮২ জন লোক লক্ষণহীন।ইতিমধ্যে নতুনকৈ এজন ব্যক্তিৰো মৃত্যু হৈছে।সেয়ে কোভিডকলৈ সামগ্ৰিকভাৱে জিনপিং প্ৰশাসনৰ মূৰৰ বিষ পুনৰ বৃদ্ধি পাইছে।

Leave A Reply