Breaking

ৰাজহ চক্ৰৰ লাট মণ্ডলৰ সহযোগত মাতৃৰ নামত ভূৱা নামজাৰী কৰে দুই বিঘা মাটি

0 1,530

দৰঙৰ দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং চিকন মাটি গাঁৱৰ আব্দুল কৰিমৰ পুত্ৰ জয়নাল আব্দিনৰ ভূমি বলপূৰ্বক ভাৱে বেদখল কৰে ভূ মাফিয়া ৰূপী দালালে । জানিব পৰা মতে ১৯৭০ চনত জৰীপৰ সময়ত  জয়নাল আব্দিনৰ ককা দেউতাই  ৩৬ নং ম্যাদী পট্ৰাৰ ১৯ নং দাগৰ পৰা তেওঁক ১০ বিঘা মাটি প্ৰদান কৰে আৰু খুড়া আব্দুল গফুৰক প্ৰদান কৰে ৫ বিঘা ৪ কঠা ১৯ লোচা মাটি । আব্দুল গফুৰে ৩ বিঘা মাটি বিক্ৰী কৰে । বাকী ২ বিঘা ৪ কঠা ১৯ লোচা মাটি ১৯৭৮ চনত জয়নাল আব্দিনৰ পেহীয়ে ভূৱা নামজাৰি কৰি বিক্ৰী কৰে ।  অভিযোগ অনুসৰি ,  গাওঁ খনৰ নুৰ জামাল তথা জয়নাল আব্দিনৰ পেহীৰ পুত্ৰ ছাজাহান আলী দলগাওঁ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালাল হোৱা হেতুকে মাতৃ বেগমা খাতুনৰ নামত পুনৰ ভূৱা নামজাৰি কৰে আৰু ছাজাহান আলীয়ে জয়নাল আব্দিনৰ নামত চিভিল গোচৰ কৰে । উক্ত গোচৰৰ ভিত্তিত আদালতে দুয়ো পক্ষকে সেই মাটিত যাবলৈ বাধা প্ৰদান কৰে । চিভিল গোচৰ চলি থকাৰ মাজতে প্ৰায় ১ বছৰ পূৰ্বে নুৰ জামানৰ তিনি পুত্ৰ ছাজাহান আলী , মোছাৰফ হুছেইন আৰু মতিউৰ ৰহমানে  গুণ্ডা বাহিনী লৈ নিশাৰ আন্ধাৰত ঘৰ নিৰ্মাণ কৰি বেদখল কৰে জয়নাল আব্দিনৰ দুই বিঘা মাটি । উক্ত মাটি বেদখল মুক্ত কৰিবলৈ দলগাওঁ আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে জয়নাল আব্দিনে । উক্ত এজেহাৰৰ ভিত্তিত দলগাওঁ আৰক্ষীয়ে ঘৰ ভাঙিবলৈ নিৰ্দেশ দিয়ে যদিও ঘৰ ভঙাৰ পৰিৱৰ্তে পুনৰ দুখন ঘৰ নিৰ্মাণ কৰে । মোছাৰফ হুছেইন গাওঁৰক্ষী বাহিনীৰ সম্পাদক হোৱা বাবে আজিও উক্ত মাটি বেদখল কৰি খেতি বাতি কৰি আছে ছাজাহান আলীয়ে । উক্ত মাটিত গ’লে পৰিস্থিতি বেয়া হ’ব বুলি ভাবুকি প্ৰদান কৰি আহিছে যদিও যোৱা কালি সাংবাদিক লৈ উপস্থিত হয় জয়নাল আব্দিন । সাংবাদিক লৈ যোৱাৰ বাবে জয়নাল আব্দিনৰ পৰিয়ালক মাৰপিট কৰিবলৈ হাতে হাতে গছৰ ডাল লৈ খেদি যায় বেদখলকাৰী পৰিয়ালটোৱে । উল্লেখ্য যে মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে । আনৰ মাটি মাতৃৰ নামত ভূৱা নামজাৰি কৰি বেদখল কৰা  দলগাঁৱৰ চিকনমাটিৰ দালাল ছাজাহান আলীক গ্ৰেপ্তাৰ কৰিবলৈ সাহস কৰিব নে দলগাওঁ আৰক্ষীয়ে ? নে ভাতৃ গাওঁৰক্ষী বাহিনীৰ সম্পাদক তথা থানাৰ দেৱানী হোৱাৰ সুযোগত বাচি যাব ? সঠিক তদন্তৰ জৰিয়তে উক্ত মাটি খিনি বেদখল মুক্ত কৰিবলৈ জিলা প্ৰশাসনৰ ওচৰত কাতৰ আহ্বান জনাইছে ভোক্তভোগী জয়নাল আব্দিনে ।

Leave A Reply