Breaking

ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱত ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব

0 94

ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াই বিভিন্ন ঠাইত তাণ্ডব চলাইছে। শ শ ৰাইজৰ ঘৰ দোৱাৰ ভেটি মাটি ব্ৰহ্মপুত্ৰ বুকুত জাহ যাব ধৰিছে।ধুবুৰীৰ শিলঘাগৰী প্ৰথম খণ্ড গাঁৱতো ব্ৰহ্মপুত্ৰ নৈৰ গঢ়াখহনীয়াৰ তাণ্ডব৷ বৰ্তমান বিপদসংকুল অৱস্থাত আছে কেবাশতাধিক পৰিয়াল, নিজৰ সপোনৰ ঘৰ খন ভঙাত ক’লৈ যাব ক’ত আশ্ৰয় ল’ব ভাবি কান্দোনত ভাঙি পৰিছে গৰাখহনীয়াৰ কবলত পৰা দৰিদ্ৰ ৰাইজ৷

সমান্তৰাল ভাবে বিধায়ক নজৰুল হকৰ লগতে সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে গৰ্জী উঠিছে শিলঘাগৰী অঞ্চলৰ ৰাইজ।

স্থানীয় বিধায়ক নজৰুল হকক গৰাখহনীয়া সন্ধৰ্ভত অবগত কৰিছিল যদিও কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীসকলে৷ কেৱল মতিৰচৰ জিলা পৰিষদৰ সদস্যা বেবী বেগমে উক্ত অঞ্চলৰ গঢ়াখহনীয়াৰ পৰিস্থিতিৰ বুজ লয় বুলি স্থানীয় ৰাইজে উল্লেখ কৰে।

স্থানীয় লোকসকলৰ লগতে মতিৰচৰ জিলা পৰিষদৰ সদস্যা তথা ধুবুৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে ধুবুৰী জিলা উপায়ুক্ত গৰাকীক উক্ত অঞ্চলৰ গঢ়াখহনীয়া পৰিদৰ্শন কৰি স্থায়ী প্ৰতিৰোধ কৰাৰ লগতে গঢ়াখহনীয়াৰ কবলত পৰা দৰিদ্ৰ পৰিয়ালৰ লোক সকলক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কাতৰ আহ্বান জনায়।

-দেৱান জাহাঙ্গীৰ আলম,ধুবুৰী

Leave A Reply