Breaking

দুৰদৰ্শনত যুদ্ধৰ দৃশ্য চাই থাকোতেই প্ৰাণ গল বসন্ত শইকীয়াৰ

0 1,034

দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট জিলাৰ ওপৰ কাৰেং ৮ নং স্পাৰৰ ধোৱাপাৰ গাঁৱৰ নিবাসী সমাজকৰ্মী বসন্ত শইকীয়া (৬৫)ৰ ৫ মাৰ্চৰ সন্ধিয়া হঠাতে টিভিৰ পৰ্দাত ইউক্ৰেইনত চলি থকা যুদ্ধৰ বিভিষীকাময় দৃশ্য চাই থকাৰ অৱস্থাতে অসুস্থ হৈ মৃত্যুক আকোৱালি লয়।

এজন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী হোৱাৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সৰহবৰহী ব্যক্তি গৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।মৃত্যুৰ সময়ত পত্নী, একমাত্ৰ জীয়াৰী, জোঁৱাই, নাতি নাতিনী সহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।

Leave A Reply