Breaking

ব্যতিক্ৰমী পদক্ষেপেৰে বে- চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ৰ আজাদীকা অমৃত মহোৎসৱ পালন। বান বিধস্ত ৬০ টা দৰিদ্ৰ পৰিয়াল মাজত খাদ্য সামগ্ৰী বিতৰণ

0 1,535

দেশৰ স্বাধীনতাৰ ৭৫তম বৰ্ষৰ আজাদীকা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি যোৰহাটৰ বে-চৰকাৰী সংস্থা ৰূদ্ৰাক্ষ এটি নাম সহায়ে গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। সংস্থাৰ উদ্যোগত দেৰগাঁৱৰ সমীপৱৰ্ত্তী বান বিধস্ত চৰাইচাপৰি অঞ্চলৰ ৬০ টা দৰিদ্ৰ পৰিয়াল মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

বিগত পাঁচ বছৰ ধৰি সমাজৰ বিভিন্ন সজাগতা মুলক কাৰ্যসূচীৰ আৰু আৰ্তজনৰ কাষত ঠিয় দি অহা ৰুদ্ৰাক্ষ এটি নাম সহায়ে আজাদীকা অমৃত মহোৎসৱৰ উপলক্ষে গ্ৰহণ কৰা এই ব্যতিক্ৰমী পদক্ষেপক সকলোৱে শলাগ লৈছে। সাংবাদিক কুমুদ বৰাই খাদ্য সামগ্ৰী টোপোলা বিতৰণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভণী কৰা অনুষ্ঠানটিত ৰুদ্ৰাক্ষ ৰ উপ সভাপতি ৰিন্টু দাস, সম্পাদিকা বাবলি দে, ৰঞ্জিত ভুঞা, মানস ভৰদ্বাজ প্ৰমুখ্যে বিষয়ববীয়া সকলৰ লগতে স্থানীয় গাঁও প্ৰধান মইনা খাটনিয়াৰ আৰু ৰঞ্জীত হাজৰিকাই সহযোগিতা আগবঢ়াই।

Leave A Reply