Breaking

পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৮৭ গৰাকীৰ। অসমত মৃত্যুক সাবটিলে ২৮ গৰাকীয়ে…

0 54

দন্তৰ নামত আদালতৰ অনুমতি সাপেক্ষে আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা অভিযুক্তই মৃত্যুক সাবটি লোৱা কাৰ্যই আৰক্ষীৰ অত্যাচাৰী চৰিত্ৰ উদঙাই দিয়া বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।বিভিন্ন অপৰাধত অভিযুক্তক তদন্তৰ খাটিৰত আৰক্ষীয়ে নিজৰ জিম্মাত লয় আদালতৰ অনুমতি সাপেক্ষে। লোকসভাত কেন্দ্ৰীয় চৰকাৰে দাঙি ধৰা তথ্যমতে ২০১৮ চনৰ পৰা ২০২৩ চনলৈ দেশৰ বিভিন্ন ৰাজ্যত আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱা ব্যক্তিৰ সংখ্যা ৬৮৭ গৰাকী। কেন্দ্ৰীয় চৰকাৰৰ তথ্যমতে ২০১৮-১৯ বৰ্ষত আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱা ব্যক্তিৰ সংখ্যা আছিল ১৩৬ গৰাকী। একেদৰে ২০১৯-২০ বৰ্ষত ১১২ গৰাকী, ২০২০-২১ বৰ্ষত ১০০ গৰাকী, ২০২১-২২ বৰ্ষত ১৭৫ গৰাকী আৰু ২০২২-২৩ বৰ্ষত ১৬৪ গৰাকী সৰ্বমুঠ ৬৭৮ গৰাকীয়ে আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লয়। উল্লেখ্য যে এই সময়চোৱাত অসমত আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লৈছিল ২৮ গৰাকী ব্যক্তিয়ে।

তথ্যমতে ২০১৮-১৯ বৰ্ষত ৫ গৰাকী ব্যক্তিয়ে আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱাৰ লগতে ২০১৯-২০ বৰ্ষত ২ গৰাকী, ২০২০-২১ বৰ্ষত ১ গৰাকী, ২০২১-২২ বৰ্ষত ৯ গৰাকী আৰু ২০২২-২৩ বৰ্ষত ১১ গৰাকী মুঠ ২৮ গৰাকী ব্যক্তিয়ে মৃত্যুক সাবটি লয়। উল্লেখ্য যে বিভিন্ন সময়ত অপৰাধত অভিযুক্তক তদন্তৰ প্ৰয়োজনত আৰক্ষীয়ে জিম্মাত লোৱাটো এক নিয়ম। কিন্তু একাংশ আৰক্ষীৰ অমানুষিক অত্যাচাৰ বাবে সন্দেহযুক্ত অভিযুক্তই আৰক্ষীৰ জিম্মাত মৃত্যুক সাবটি লোৱাৰ বিষয়ে দীৰ্ঘদিনৰ পৰাই অভিযোগ উত্থাপিত হৈ আহিছে যদিও সংলিষ্ট ৰাজ্য চৰকাৰ সমূহে বিষয়টোৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই। তাৎপৰ্যপূৰ্ণ যে বিগত পাঁচটা বছৰত চণ্ডীগড়, দাদৰ নগৰ হাৱেলী, দমন ডিউ, লাডাখ, লাক্ষাদ্বীপ আৰু পুণ্ডুচেৰীত আৰক্ষীৰ জিম্মাত এগৰাকীও অভিযুক্তৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱা নাই।

Leave A Reply