Breaking

ভাৰতত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি: আক্ৰান্তৰ সংখ্যা ৩.৩২ লাখ অতিক্ৰম ।

0 646

দৈনন্দিন বাৰ্তা প্ৰতিবেদন :

ভাৰতত নিতৌ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ সোমবাৰে প্ৰকাশ কৰা তথ্য মতে দেশখনত যোৱা ২৪ ঘণ্টাত ১১,০০০তকৈ অধিক লোক আক্ৰান্ত হয়৷ ফলত দেশখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩.৩২ লাখ অতিক্ৰম কৰিলে৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৫২০ জনলৈ বৃদ্ধি পালে৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে ভাৰতত মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ৩৩২৪২৪ জন৷ ইয়াৰে ১৫৩১০৬ জনৰ সক্ৰিয় আৰু ১৬৯৭৯৮ জন সুস্থ হৈ উঠাত যাবলৈ দিয়া হয়৷ তদুপৰি আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা ৯,৫২০ জনলৈ বৃদ্ধি পায়৷ মন কৰিব লগা যে দেশৰ ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ভিড-১৯ত আক্ৰান্তৰ বাতৰি আহি আছে৷ শেহতীয়াকৈ তালিকাত অন্তভূক্ত হৈছে ছিকিম৷ এই ৰাজ্যবোৰৰ ভিতৰত মহাৰাষ্ট্ৰ, গুজৰাট, দিল্লী, তামিলনাডু, মধ্য প্ৰদেশ আৰু ৰাজস্থান হটস্পট হৈ আছে৷ মহাৰাষ্ট্ৰ আৰু গুজৰাটত সৰ্বাধিক লোকৰ মৃত্যু হৈছে৷ দেশৰ ৬০ শতাংশ মৃত লোক এই দুয়োখন ৰাজ্যৰে৷ আনহাতে মহাৰাষ্ট্ৰত নতুনকৈ ৩৩৯০ জন আক্ৰান্ত হৈছে আৰু ইয়াকে লৈ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১০৭৯৫৮ জনলৈ বৃদ্ধি পালে৷ দিল্লীত আক্ৰান্তৰ সংখ্যা ৪১১৮২ জন হ’লগৈ৷ ইয়াত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ১৩২৭জন৷

Leave A Reply