Breaking

জামুগুৰিহাটত লকডাউন ধোৱাচাঙত : সজাগ, সচেতন কৰিবৰ বাবে আৰক্ষীয়ে মাইক লৈ চলালে প্ৰচাৰ

0 90

জামুগুৰিহাট

তৃতীয় পৰ্যায়ৰ লকডাউনৰ লগে লগে লকডাউনৰ নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ পিছতেই যেন জামুগুৰিহাটত ধোৱাচাঙত পৰিণত হ’ল এই “লকডাউন”৷ দোকান পোহাৰ সকলো খোলা ৰাখি চৰকাৰী নীতি নিয়ম উলংঘা কৰি যাৰ যি মন যায় তাকেই কৰা দেখা পোৱা গ’ল জামুগুৰিহাটত৷ চৰকাৰে লকডাউন কিছু শিথিল কৰিছে যদিও কেতবোৰ নীতি নিয়ম মানি চলিবলৈ জনসাধাৰণক আহবান জনাইছিল যদিও সকলো ভৰিৰে মোহাৰি লকডাউনৰ পূৰ্ৱৰ পৰিবেশ বিৰাজমান জামুগুৰিহাটৰ ব্যৱসায়িক কেন্দ্ৰস্থলত৷ যাৰ বাবে শুকুৰবাৰে নিশা জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মানিক বৰমুদৈয়ে মাইকযোগে ব্যৱসায়িক কেন্দ্ৰস্থলতেই নহয় গাঁৱে গাঁৱে চৰকাৰী নীতি নিয়ম মানি চলিবলৈ সকলোকে আহবান জনাই প্ৰচাৰ চলাবলগীয়া হয়৷ তদুপৰি মাস্ক ব্যৱহাৰৰ লগতে সামাজিক দূৰত্ব মানি চলা, বিনা কাৰণত ঘৰৰ বাহিৰত টিঘিলঘিলাই নুফুৰিবলৈও আহবান জনাই সজাগ সচেতন কৰি চৰকাৰী নীতি নিৰ্দেশনা নমনা লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে৷ তৎস্বত্বেও শনিবাৰে দিনৰভাগত সকলো চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি একাংশ লোক পুনৰ মাস্ক ব্যৱহাৰ নকৰাকৈ জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলত তহল দি থকাত আৰক্ষীয়ে নিয়ম অনুশৰি ৫০০ টকা জৰিমনাৰে দোষী সাব্যস্ত কৰাৰ লগতে খাতিখোৱা একাংশ লোকক নিজাববীয়াকৈ মাস্ক বিতৰণ কৰে৷অন্যহাতে জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্থলত থকা বেংকৰ সন্মুখত শাৰি পতা গ্ৰাহকসকলেও কোনো সামাজিক দূৰত্ব নমনাৰ লগতে ব্যৱসায়িক কেন্দ্ৰস্থলত থকা দোকানসমুহৰ ব্যৱসায়ীসকলক জামুগুৰি ব্যৱসায়ী সন্থাই চৰকাৰী নীতি নিয়ম অনুসৰি খোলাৰ দিন-বাৰ ঠিক কৰি দিছিল যদিও সেয়াও নমনাৰ অভিযোগ উল্থাপন হৈছে৷ যেন দোকান পোহাৰ খোলাৰ  প্ৰতিযোগিতাতহে নামি পৰা পৰিলক্ষিত হ’ল একাংশ দোকানৰ ব্যৱসায়ীক৷ কোনো নীতি নিয়ম নুশুনি নিজৰ ইচ্ছামতে দোকান পোহাৰ খুলি বজাৰসদৃশ পৰিৱেশ কৰাৰ বাবেই জামুগুৰিহাটত জামুগুৰি ব্যৱসায়ী সন্থাৰ বিষয়ববীয়াই দোকানে দোকানে গৈ যিসকল লোকৰ দিনটোত নিয়ম অনুসৰি ব্যৱসায়ী সন্থাই দোকান খোলাৰ অনুমতি  দিয়া নাছিল আৰু নিয়ম ভংগ কৰি দোকান খুলি ব্যৱসায় কৰি আছে সেইসকল নিয়ম ভংগকাৰী একাংশ দাম্ভিক দোকানীক বুজাব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়৷ তদুপৰি লকডাউন উলংঘা কৰি জামুগুৰিহাটৰ লগতে দাঁতিকাষৰীয়া অঞ্চলসমূহতো শাক পাচলিৰ বজাৰতো গ্ৰাহক ৰাইজ কোনো ধৰণৰ সামাজিক দূৰত্ব নামানি আৰু মাস্ক পৰিধান নকৰাকৈ সামগ্ৰী ক্ৰয় কৰিবলৈ উবুৰি খাই পৰাৰ অভিযোগ উল্থাপিত হৈছে৷ মহামাৰী ক’ৰ’ণাই জটিল ৰূপ ধাৰণ কৰাৰ পাছতো জনসাধাৰণৰ সুবিধাৰ্থে লকডাউনৰ নীতি নিয়মৰ ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা গ্ৰহণ কৰিছিল যদিও জামুগুৰিহাটত দেখা দিয়া বৰ্তমানৰ পৰিস্থিতিলৈ লক্ষ্য কৰি প্ৰশাসনক অধিক কঠোৰ হ’বলৈ আহবান জনাইছে সচেতন মহলে৷ 

Leave A Reply