Breaking

জাপানত ভূমিকম্পৰ ফলত ১৪০০ যাত্ৰীৰে ১১ ঘণ্টা আবদ্ধ হৈ পৰে বুলেট ট্ৰেইন…

0 27

সোমবাৰৰ ৭.৫ প্ৰাবল্যৰ ভূমিকম্পৰ পিছত মধ্য জাপানৰ চহৰ টয়মা আৰু কানাজাৱাৰ মাজত তীব্ৰবেগী ৰে’ল আবদ্ধ হৈ পৰে। ভূমিকম্পৰ পিছত চাৰিখন বুলেট ট্ৰেইনৰ সেৱা বন্ধ কৰিবলগীয়া হৈছিল যদিও পুনৰ আৰম্ভ কৰা হৈছে। ১১ ঘণ্টাৰো অধিক সময় আবদ্ধ হৈ থকাৰ পিছত মঙলবাৰে স্থানীয় সময় অনুসৰি পুৱা ৪ বজাত ৰে’ল দুখন টয়মা ষ্টেচনত উপস্থিত হয় বুলি বিষয়াসকলে জনায়।

ৰে’লত ১৪০০ যাত্ৰী আছিল। ৰৈ থকা অৱস্থাত ৰে’লত কোনো লোক অসুস্থ হোৱাৰ খবৰ লাভ কৰা নাই। ইফালে জাপানত ভূমিকম্পৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।

Leave A Reply