Breaking

ঝাৰখণ্ডত মাওবাদীয়ে বোমাৰে উৰুৱালে ৰে’ল লাইন, কথমপি ৰক্ষা যাত্ৰীবাহী ৰে’লৰ…

0 33

ঝাৰখণ্ডত পুনৰ অঘটন ঘটালে মাওবাদীয়ে। শুক্ৰবাৰে মাওবাদীয়ে দেশজুৰি ভাৰত বন্ধৰ আহ্বান জনাইছিল। এনে আহ্বানৰ মাজতে মাওবাদীয়ে ঝাৰখণ্ডৰ চক্ৰধৰপুৰত ৰে’লপথ উৰুৱাই দিছে। ফলত হাওৰা-মুম্বাই শাখাত ৰে’ল সেৱা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে মাওবাদীয়ে বৃহস্পতিবাৰে নিশাই চক্ৰধৰপুৰ শাখাৰ গোইলকেৰা আৰু পচাইটা ষ্টেচনৰ মাজৰ ৰে’লপথৰ এটা অংশ বোমাৰে উৰুৱাই দিয়ে। অঞ্চলটোত মাওবাদীয়ে ব্যাপক হাৰত পোষ্টাৰো লগোৱা দেখা গৈছে। ১৮০৩০ চনৰ শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছখন অলপ সময়ৰ পিছতে সেই লাইনেৰে পাৰ হোৱাৰ কথা আছিল। কিন্তু তাৰ আগতে বিষয়টো চালক আৰু কাষৰ লাইনেৰে পাৰ হৈ যোৱা মালবাহী ৰে’ল এখনৰ গাৰ্ডে লক্ষ্য কৰে। লগে লগে তেওঁলোকে গোইলকেৰা আৰু পচাইটা ষ্টেচন মাষ্টাৰসকলক জনোৱা হয়।


খবৰ পোৱাৰ লগে লগে শালিমাৰ-কুৰ্লা আপ এক্সপ্ৰেছ গোইলকেৰা ষ্টেচনত ৰখাই দিয়া হয়। ইয়াৰ পিছতে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। নিশাই ৰে’ল লাইনৰ মেৰামতি আৰম্ভ কৰা হয় যদিও শুক্ৰবাৰে দিনৰ ভাগলৈ লাইনৰ মেৰামতি সম্পূৰ্ণ হৈ উঠা নাই। এতিয়াও চক্ৰধৰপুৰ শাখাত ৰে’ল চলাচল ব্যাহত হৈ আছে। শালিমাৰ-মুম্বাই শাখাৰ কেইবাখনো ৰে’ল বাতিল কৰা হৈছে। কেইদিনমান আগতে, মাওবাদীয়ে ছত্তীশগড়ৰ চুকমা জিলাৰ জাগৰগুণ্ডা অঞ্চলত ধ্বংসযজ্ঞ চলাইছিল। নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত চিআৰপিএফৰ এজন উপ-পৰিদৰ্শক নিহত হৈছিল।

Leave A Reply