Breaking

তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তই আধাৰশিলা স্থাপন কৰিলে হাস্পতালখনৰ মূল প্ৰৱেশ তোৰণৰ

0 64

আজি আমিনগাঁওস্থিত তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে চিকিৎসালয়খনৰ মূল প্ৰৱেশ তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উপায়ু্ক্ত গৰাকীয়ে লগতে এই দিৱসৰ লগত সংগতি ৰাখি এক ৰক্তদান শিৱিৰৰো আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ লগতে হাস্পতালখনৰ ই.এন.টি. আৰু খাৰসূত্ৰ অস্ত্ৰোপচাৰ কক্ষও আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰাৰ লগতে চিকিৎসালয়খনৰ জিলা জনস্বাস্থ্য পৰীক্ষাগাৰত এফ.এন.এ.চি. পৰীক্ষা কেন্দ্ৰও মুকলি কৰে। উল্লেখ্য যে আজি মুকলি কৰা ই.এন.টি. আৰু খাৰসূত্ৰ অস্ত্ৰোপচাৰ কক্ষৰ পৰা ৰোগীয়ে এনে ধৰণৰ অস্ত্ৰোপচাৰৰ সুবিধা হাস্পতালখনতে লাভ কৰাৰ উপৰি এফ.এন.এ.চি. পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে এই বিশেষ পৰীক্ষা জনসাধাৰণে হাস্পতালখনতে কৰিব পাৰিব।ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ এক বৈঠকতো অংশগ্ৰহণ কৰি চিকিৎসালয়খনৰ সমূহ চিকিৎসক তথা কৰ্মচাৰী সকলক জনসাধাৰণৰ হকে নিঃস্বাৰ্থভাৱে তথা উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ বাবে আহ্বান জনায়।

উক্ত বৈঠকত লোক নিৰ্মাণ বিভাগক তোলৰাম বাফনা চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰ নিৰ্মাণৰ আনুমানিক ব্যয় নিৰ্ধাৰণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ উপৰি তোলৰাম বাফনা আৰু নাৰায়না হৃদয়ালয়াৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যাতে জটিল বিষয় সমূহৰ ক্ষেত্ৰত অসামৰিক চিকিৎসালয়খনলৈ অহা ৰোগী সকলক নাৰায়না হৃদয়ালয়ত বিনামূলীয়াকৈ প্ৰাথমিক চিকিৎসা আগবঢ়াব পৰা যায়।আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ উপৰি তোলাৰাম বাফনাৰ বংশধৰ সুৰেন্দ্ৰ কুমাৰ জৈনৰ লগতে হাস্পতালখনৰ চিকিৎসক নাৰ্চ তথা কৰ্মচাৰী সকল উপস্থিত থাকে।

Leave A Reply