Breaking

৬৭ বছৰ বয়সত প্ৰেমত হাবুডুবু বিল গেটছ্। কোন এই যুৱতীগৰাকী…

0 80

বিল গেটছে আকৌ এবাৰ বিচাৰি পাছে প্ৰেম। খবৰ অনুসৰি মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক তথা কোটিপতি বিল গেটছে অৰেকলৰ প্ৰাক্তন চিইঅ’ মাৰ্ক হাৰ্ডৰ বিধৱা প’লা হাৰ্ডৰ সৈতে ডেটিং কৰি আছে। এই তথ্য একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। বিল গেটছৰ বয়স ৬৭ বছৰ আৰু হাৰ্ডৰ বয়স ৬০ বছৰ। এজন ব্যক্তিয়ে জীৱনৰ যিকোনো সময়তে প্ৰেমত পৰিব পাৰে। বয়সলৈ চাই ভালপোৱা নহয় বুলি এনে বহু উদাহৰণ আছে। এতিয়া ইয়াৰ আন এক উদাহৰণ চৰ্চালৈ আহিছে। আচলতে বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছে ৬৭ বছৰ বয়সত প্ৰেমত পৰিছে। খবৰ অনুসৰি বিল গেটছে ৬০ বছৰীয়া এগৰাকী মহিলাৰ সৈতে ডেটিং কৰি আছে। এই মহিলাগৰাকীৰো ধন-সম্পত্তিৰ কোনো অভাৱ নাই-

মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক তথা কোটিপতি বিল গেটছে অৰেকলৰ প্ৰাক্তন চিইঅ’ মাৰ্ক হাৰ্ডৰ বিধৱা প’লা হাৰ্ডৰ সৈতে ডেটিং কৰি আছে। এই তথ্য একাংশ সংবাদ মাধ্যমত দিয়া হৈছে। বিল গেটছৰ বয়স ৬৭ আৰু হাৰ্ডৰ বয়স ৬০ বছৰ। যোৱা মাহত অষ্ট্ৰেলিয়ান অ’পেনত দুয়োকে একেলগে দেখা গৈছিল।

বিল গেটছ আৰু প’লা হাৰ্ড দুয়োজনেই টেনিছৰ প্ৰতি অতি আকৰ্ষিত। ২০২২ চনৰ মাৰ্চ মাহত ইণ্ডিয়ান ওৱেলছ টেনিছ প্ৰতিযোগিতাৰ ডব্লিউ টি এ ছেমি ফাইনেল মেচতো একেলগে বহি থকা দেখা গৈছিল। ইয়াৰ ছবিখনো যথেষ্ট ভাইৰেল হৈ পৰিল।

বিল গেটছ আৰু তেওঁৰ প্ৰাক্তন পত্নী মেলিণ্ডা ফ্ৰেঞ্চ গেটছ দুয়োৰে বিবাহ বিচ্ছেদ হৈছে। তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত হোৱাৰ দুবছৰৰ পাছত এই সম্পৰ্কৰ খবৰ আহিছে। বিল গেটছ আৰু মেলিণ্ডাই বিবাহৰ ২৭ বছৰ পিছত ২০২১ চনৰ মে’ মাহত বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। একে বছৰৰ আগষ্ট মাহত তেওঁলোকৰ বিবাহ বিচ্ছেদ চূড়ান্ত কৰা হৈছিল।

Leave A Reply