Breaking

মাৰ্ঘেৰিটাত ছাত্ৰ নেতাক প্ৰাণে মৰা চেষ্টা…

0 1,033

ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতা পাপু দত্তক প্ৰাণে মৰাৰ চেষ্টা  চলোৱা বুলি অভিযোগ সমগ্ৰ মাৰ্ঘেৰিটাতে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ।মঙলবাৰে সন্ধিয়া মাৰ্ঘেৰিটা ব্লক তিনিআলিস্থিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তক এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিব বিচৰা ঘটনাৰ বিৰুদ্ধে  জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অভিযোগ যে কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰি সভাপতি পাপু দত্তক হত্যা কৰাৰ পৰিকল্পনাৰে এই চেষ্টা কৰা হৈছিল। উক্ত ঘটনাক দুৰ্ঘটনা ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল বুলিও অভিযোগ ছাত্ৰ সংগঠনটো।

ইয়াৰ প্ৰতিবাদত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে পুৱা ৫ বজাৰ পৰা ডাম্পাৰ চলাচল মাৰ্ঘেৰিটাত মহকুমাত বন্ধৰ ঘোষণা কৰিছে।ছাত্ৰ মুক্তি এই ঘোষণাৰ ফলত আজি পুৱাৰে পৰা মাৰ্ঘেৰিটাত ডাম্পাৰ চলাচল বন্ধ হৈ পৰে। উল্লেখ যে মাৰ্ঘেৰিটা মহকুমাত তীব্ৰ বেগী ডাম্পাৰ  দুৰ্ঘটনা দিনক দিনে বৃদ্ধি পাই আহিছে। তীব্ৰ বেগী ডাম্পাৰ খুণ্ডাত বহুলোকে অকালতে প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে চিৰ জীৱনলৈ ঘূনীয়া হব লগীয়া হৈছে।

Leave A Reply