Breaking

গাঁওৰক্ষী বাহিনীৰ নিছিদ্ৰ পহৰা মাৰ্ঘেৰিটাত…

0 1,538

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈ পৰিছে ৰাজ্য নিৰাপত্তা বাহিনীসমূহ। মাজত মাথো কেইঘণ্টা মান বাকী।সমগ্ৰ দেশে এইবাৰ উৎযাপন কৰিব ৭৬ তম্ স্বাধীনতা দিৱস। দেশ তথা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ দৰে মাৰ্ঘেৰিটাতো স্বাধীনতা দিৱসক লৈ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা। ৰূপায়ণ কৰা হৈছে বিভিন্ন কাৰ্য্যসূচী।

আজাদি কা অমিত মহোৎসৱ তথা স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেশজুৰি ১৩ আগষ্ট পৰা ১৫ আগষ্টলৈ তিনিদিনীয়াকৈ জাতীয় পতাকা উত্তোলনৰ দিহা কৰা হৈছে।নাগৰিক সকলেও নিজ নিজ গৃহত ১৩ তাৰিখৰ পৰাই উত্তোলন কৰিছে জাতীয় পতাকা।এই সময়ছোৱাত যাতে দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ আছে ৰাজ্য নিৰাপত্তা ৰক্ষী বাহিনীৰ সমূহৰ লগতে গাওঁৰক্ষী বাহিনীৰ।আলফা স্বাধীনে যিহেতু এইবাৰে স্বাধীনতা দিৱস বৰ্জন কৰা লগতে ১৪ আগষ্ট সন্ধিয়া পৰা ১৫ আগষ্টলৈ বন্ধ আহ্বান জনাইছে। সেয়েহে কুটাঘাতৰ. আশংকা কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত প্ৰতিখন গাওঁৰক্ষী বাহিনীয়ে এসপ্তাহৰ আগৰে পৰা সন্ধিয়া পৰা পুৱতি নিশালৈকে ভিন্ন প্ৰান্তত পহৰা দিয়াৰ ব্যৱস্থা কৰিছে। স্বাধীনতা দিৱসৰ আগে পিছে যাতে অঞ্চলটোত কোনো ধৰণৰ কুটাঘাত সংঘটিত নহয় আৰু শান্তিপূৰ্ণ ভাৱে স্বাধীনতা দিৱসটি সকলোৱে উৎযাপন কৰিব পাৰে সেই উদ্দেশ্যে গাওঁৰক্ষী বাহিনী স্বেচ্ছাসেৱক সকলে এনেদৰে পহৰাত ব্যস্ত হৈ পৰিছে।

Leave A Reply