ৰাজ্যৰ ৩৪ খন জিলাৰ ভিতৰত ১৯খন জিলাত জন্মৰপৰা ৫ বছৰৰ ভিতৰৰ প্ৰতি গৰাকী শিশুক পালচ্ প’লিঅ’ প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে।ইতিমধ্যে মৰিগাঁও জিলাৰ ভূৰৱন্ধা এম ভি স্কুলত অনুষ্ঠিত হোৱা কাৰ্যসূচীত উদ্বোধন হিচাপে উপস্থিত থাকি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলাত স্থাপন হ’বলগীয়া মেডিকেল কলেজখন অক্টোবৰ মাহত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰে।

