Breaking

নাগালেণ্ডত পুনৰ ছয় মাহলৈ আফ্স্পাৰ ম্যাদ বৃদ্ধি গৃহ মন্ত্রালয়ৰ

0 1,019

নাগালেণ্ডৰ মন জিলাত ৪ ডিচেম্বৰত সংঘটিত অপ্রৰোচিত গুলীচালনাৰ ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া বর্তমানেও মাৰ যোৱা নাই৷ সেনাৰ নির্বিচাৰ গুলীত ১৪জন নিৰীহ গঞাৰ প্রাণহানি হোৱাৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলজুৰ সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আহনৰ (আফ্স্পা) বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ উঠাৰ পাছতো উত্তৰ–পূর্বাঞ্চলবাস্ দাবীৰ প্রতি কেন্দ্রই কোনো সঁহাৰি নজনালে৷ বাস্তৱত উত্তৰ–পূর্বাঞ্চলবাসী আশা–আকাংক্ষাক নস্যাৎ কৰি পুনৰ ৬ মাহৰ বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে নাগালেণ্ডত আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰিলে৷ ৰাজপত্রিত অধিসূচনাযোগে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এই কথা ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে জাৰি কৰা ৰাজপত্রিত অধিসূচনাত সমগ্র নাগালেণ্ডক ‘অস্থিৰ’ আৰু ‘বিপজ্জনক’ ৰাজ্য বুলি চিহ্ণিত কৰা হৈছে৷ সেয়েহে ১৯৫৮ চনৰ আফ্স্পাৰ ৩নং ধাৰা প্রয়োগেৰে সমগ্র ৰাজ্যখনক আজিৰ পৰা অহা ছয় মাহৰ বাবে ‘অশান্ত অঞ্চল’ (ডিষ্টার্বড এৰিয়া) হিচাপে ঘোষণা কৰা হয়৷ উল্লেখ্য যে ইয়াৰ পূর্বে যোৱা ৩০ জুনত নাগালেণ্ডত ৬ মাহৰ বাবে আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছিল৷ সেহ অনুসৰি কালি নিশা বিতর্কিত আহনখনৰ ম্যাদ উকলি গৈছিল৷ ইয়াৰ পাছত কোনো সময় ব্যয় নকৰাকৈ পুৱাৰ ভাগতেহ ৰাজপত্রিত অধিসূচনা জাৰি কৰি কেন্দ্রীয় গৃহ বিভাগে ৰাজ্যখনত আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷

লক্ষণীয়ভাৱে আফ্স্পা আহনখন বাতিলৰ দাবীত নাগালেণ্ডৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলত তীব্র জনমত গঢ়ি উঠাৰ পাছত যোৱা ২৩ ডিচেম্বৰত নিশাৰ ভাগত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ দিল্লীস্থিত চৰকাৰী বাসভৱনত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰিঅ’, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, নাগালেণ্ডৰ উপ–মুখ্যমন্ত্রী তথা গৃহমন্ত্রী ৱাহ পাট্টন আৰু প্রাক্তন মুখ্যমন্ত্রী টি আৰ জেলিয়াঙৰ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হৈছিল৷ উক্ত বৈঠকতেহ নাগালেণ্ডৰ পৰা আফ্স্পা প্রত্যাহাৰৰ বিষয়টো বিবেচনা কৰাৰ বাবে এখন উচ্চ পর্যায়ৰ পর্যালোচনা কমিটী গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্ত বিবেক যোশীৰ অধ্যক্ষতাত গঠন কৰা কমিটীখনত উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অতিৰিক্ত সচিব পীয়ূষ গোৱেলক সদস্য সচিব তথা নাগালেণ্ডৰ মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্রধান, অর্ধসামৰিক বাহিনী আছাম ৰাহফেলছৰ আৰক্ষী সঞ্চালক আদিক সদস্য হিচাপে মনোনীত কৰা হৈছিল৷ কমিটী গঠনৰ পাছত নাগালেণ্ডৰ মুখ্যমন্ত্রী নেফিউ ৰি’হ সংবাদ মাধ্যমৰ আগত বিবৃতি প্রদান কৰি নাগালেণ্ডৰ পৰা আফ্স্পা প্রত্যাহাৰ কৰা হ’ব বুলিহে হংগিত দিছিল৷ আনকি ৪৫ দিনৰ ভিতৰত পর্যালোচনাকাৰী কমিটীখনে প্রতিবেদন দাখিল কৰিব বুলিও কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক প্রেছ বিজ্ঞপ্তিযোগে প্রকাশ কৰিছিল৷ পিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসভৱনত হোৱা উক্ত বৈঠকৰ এসপ্তাহৰ ভিতৰতেহ সমগ্র নাগালেণ্ডত পুনৰ আফ্স্পাৰ ম্যাদ বৃদ্ধি কৰা ঘটনাহ নাগালেণ্ডৰ লগতে সমগ্র উত্তৰ–পূর্বাঞ্চলত তীব্র প্রতিক্রিয়া সৃষ্টি কৰাটো নিশ্চিত৷

Leave A Reply